সুষমা স্বৰাজৰ মৃত্যুৱে কন্দুৱাইছে গীতাক, দুবাহুত সুষমা স্বৰাজৰ ফটোলৈ এতিয়া চকুপানী টুকিছে ‘ভাৰতবৰ্ষৰ জীয়ৰীয়ে’!

প্ৰাক্তন কেন্দ্ৰীয় বিদেশ মন্ত্ৰী সুষমা স্বৰাজে নিজৰ জীয়ৰীৰ মৰ্যদা দিয়া এগৰাকী যুৱতী। নাম গীতা, চাৰি বছৰৰ আগতে পাকিস্তানৰ পৰা ভাৰতলৈ অনা হৈছিল গীতাক।

News18-Assam
Updated:August 7, 2019, 8:08 PM IST
সুষমা স্বৰাজৰ মৃত্যুৱে কন্দুৱাইছে গীতাক, দুবাহুত সুষমা স্বৰাজৰ ফটোলৈ এতিয়া চকুপানী টুকিছে ‘ভাৰতবৰ্ষৰ জীয়ৰীয়ে’!
Source-Google
News18-Assam
Updated: August 7, 2019, 8:08 PM IST
প্ৰাক্তন কেন্দ্ৰীয় বিদেশ মন্ত্ৰী সুষমা স্বৰাজে নিজৰ জীয়ৰীৰ মৰ্যদা দিয়া এগৰাকী যুৱতী। নাম গীতা, চাৰি বছৰৰ আগতে পাকিস্তানৰ পৰা ভাৰতলৈ অনা হৈছিল গীতাক। গীতাক ভৰণ পোষণৰ দায়িত্বত আছে ইন্দোৰৰ এটা NGO । সুষমা স্বৰাজে গীতাৰ বিবাহৰো লৈছিল দায়িত্ব।

কিন্তু মঙলবাৰে নিশা সুষমা স্বৰাজৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে গীতাৰ দুগালেৰে নিগৰি আহিছে চকুপানী। বুধবাৰে যদিও নিজৰ ‘মাতৃ’ সুষমা স্বৰাজক শেষ দৰ্শন কৰিবলৈ গীতা আহিব নোৱাৰিলে তথাপিও গোটেই দিনটো টিভিৰ জৰিয়তেই প্ৰত্যক্ষ কৰে সুষমা স্বৰাজলৈ দেশবাসীয়ে জনোৱা অকৃত্ৰিম সন্মান, মৰম! গীতাৰ দুবাহুত এতিয়া সুষমা স্বৰাজৰ এখন ফটো! হেৰাই গৈছে গীতাৰ মুখৰ মাত, কিন্তু তাইৰ মুখ মণ্ডলত পৰিস্ফুত হৈছে মাতৃ সম সুষমা স্বৰাজৰ মৃত্যৰ শোক আৰু যন্ত্ৰণা। সুষমা স্বৰাজে গীতাক ভাৰতবৰ্ষৰ জীয়ৰী বুলি অভিহিত কৰিছিল। আজিলৈকে সন্ধান নোলাল গীতাৰ প্ৰকৃত পিতৃ মাতৃ কোন আছিল, বহুতে গীতাক নিজৰ হেৰুওৱা জী বুলি দাবী কৰে যদিও গীতাই প্ৰতিবাৰতে কৰি আহিছে তেওঁলোকক নিৰাশ। সুষমা স্বৰাজে গীতাক বিয়া দিবৰ বাবেও বিচাৰিছিল উপযুক্ত দৰা, কিন্তু নিজৰ সেই সপোন বাস্তৱত ৰূপ দিয়াৰ পূৰ্বেই আজি চিৰ বিদায় ললে সুষমা স্বৰাজে।



 

গীতাৰ ভাৰতলৈ উভতাই অনাৰ বাবে সুষমা স্বৰাজে লৈছিল আগ ভাগ

চাৰি বছৰৰ পূৰ্বে গীতাক ভাৰতলৈ উভতাই আনিবলৈ সুষমা স্বৰাজে লৈছিল আগভাগ। সেই সময়তে মুক্তি লাভ কৰিছিল ছলমান খানৰ বজৰংগী ভাইজান নামৰ ছবিখন। গীতাৰ জীৱনৰ কেন্দ্ৰ কৰিয়েই ছবিখন নিৰ্মাণ কৰা হৈছিল বুলি কব খোজে বহুতে । সেই সময়ত সুষমা স্বৰাজ আছিল ভাৰতৰ বৈদেশিক মন্ত্ৰী। পিছত সুষমা স্বৰাজৰ নিৰ্দেশ মৰ্মে, পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্ত ৰাঘৱনে গীতাক ইধী ফাউণ্ডেচনত লগ কৰে। তাতে ভাৰতীয় উচ্চায়ুক্তৰ আগত গীতাই ভাৰতীয় হোৱাৰ উপযুক্ত প্ৰমাণ দাঙি ধৰে। পিছত সকলো চৰকাৰী কাম কাজ হৈ যোৱাৰ পিছত ভাৰতলৈ উভতাই অনা হয় গীতাক।



গীতাৰ গা বেয়া হ’লেও চিন্তাত পৰিছিল সুষমা স্বৰাজ

ভাৰতলৈ অনাৰ পিছত গীতাক ইন্দোৰত বধিৰ লোক থকা এটা NGO ৰ তত্বাৱধানত ৰখা হয়। NGO ৰ মুৰব্বী মণিকা পাঞ্জাৱীয়ে কয় যে গীতা এতিয়াই বিবাহৰ বাবে ৰাজী নহয়,তাই এতিয়া পঢ়িব বিচাৰে। গীতাৰ গা বেয়া হলেও চিন্তিত হৈ পৰিছিল সুষমা স্বৰাজ। তেতিয়াৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ শিৱৰাজ সিং চৌহানৰ জৰিয়তে গীতাক সকলো ধৰণৰ প্ৰযোজনীয় সুবিধা কৰি দিছিল সুষমা স্বৰাজে।



সুষমা স্বৰাজে গীতাক লগ কৰিছিল তাইৰ কিডনী সংৰোপনৰ পিছতো

আঠটা দম্পতিয়ে গীতাক তেওঁলোকৰ সন্তান বুলি দাবী কৰিছিল। পিছত দম্পতি কেইটাৰ DNA পৰীক্ষা কৰি হৈছিল যদিও কাৰোৰে মিলা নাছিল গীতাৰ লগত। গীতাৰ বয়স এতিয়া ২৫ বছৰ। যেতিয়াই সুষমা স্বৰাজ ইন্দোৰলৈ গৈছিল তেতিয়াই লগ কৰিছিল গীতাক। গীতাৰ যেতিয়া কিডনী সংৰোপন কৰা হৈছিল তেতিয়াও সুষমা স্বৰাজ গৈছিল খবৰ ল’বলৈ।
আৰু চাওক পৰৱৰ্তী বাতৰি