• Home
  • »
  • News
  • »
  • nation
  • »
  • Death Due to Mobile Blast : মোবাইল চাৰ্জত লগাই কথা পাতি থাকোতেই মোবাইল বিস্ফোৰণ, দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ লগে লগে মৃত্যু

Death Due to Mobile Blast : মোবাইল চাৰ্জত লগাই কথা পাতি থাকোতেই মোবাইল বিস্ফোৰণ, দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ লগে লগে মৃত্যু

বিস্ফোৰণৰ লগে লগে ঘৰৰ লোক আহি শ্ৰদ্ধাক উদ্ধাৰ কৰালৈ তাই অচেতন হৈ পৰিছিল আৰু কিছু সময় পাছতে তাইৰ মৃত্যু ঘটিছিল।

বিস্ফোৰণৰ লগে লগে ঘৰৰ লোক আহি শ্ৰদ্ধাক উদ্ধাৰ কৰালৈ তাই অচেতন হৈ পৰিছিল আৰু কিছু সময় পাছতে তাইৰ মৃত্যু ঘটিছিল।

বিস্ফোৰণৰ লগে লগে ঘৰৰ লোক আহি শ্ৰদ্ধাক উদ্ধাৰ কৰালৈ তাই অচেতন হৈ পৰিছিল আৰু কিছু সময় পাছতে তাইৰ মৃত্যু ঘটিছিল।

  • Share this:
মোবাইলে প্ৰাণ কাঢ়িলে এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ। ১৭ বছৰীয়া ছাত্ৰীগৰাকীয়ে মোবাইলত কথা পাতি থাকোতেই বিস্ফোৰণ ঘটে মোবাইলটোৰ। মোবাইল বিস্ফোৰণত লগে লগে মৃত্যু হয় ছাত্ৰীগৰাকীৰ। উল্লেখ্য যে কথা পাতি থকাৰ সময়ত যুৱতীগৰাকীয়ে চাৰ্জত লগাই থৈছিল মোবাইলটো।

নিহত ছাত্ৰীগৰাকীৰ নাম হৈছে শ্ৰদ্ধা দেশাই। ঘটনাৰ সময়ত ঘৰৰ ওপৰ মহলাত আছিল যুৱতী গৰাকী। জানিব পৰা মত কোনো আত্মীয়ৰ সৈতে কথা পাতি আছিল ছাত্ৰীগৰাকী। ঘৰৰ আন সদস্যৰ মতে কথা পাতি থকাৰ মাজতে শ্ৰদ্ধাৰ মোবাইলৰ বেটেৰীৰ চাৰ্জ শেষ হয় আৰু লগে লগে তাই মোবাইলটো চাৰ্জত লগাই পুনৰ কথা পাতিবলৈ আৰম্ভ কৰে। কিন্তু অলপ সময় পিছতে মোবাইলটো বিস্ফোৰণ ঘটে। ঘৰৰ লোকে আহি শ্ৰদ্ধাক উদ্ধাৰ কৰালৈ তাই অচেতন হৈ পৰিছিল আৰু কিছু সময় পাছতে তাইৰ মৃত্যু ঘটিছিল।

এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ বেচাৰজিৰ মেহছানা গাঁৱত। সংবাদমাধ্যমযোগে আৰক্ষীয়ে ঘটনাৰ খবৰ পাই লগে লগে গাঁওখনলৈ ৰাওনা হয় যদিও ইতিমধ্যো ছাত্ৰীগৰাকীৰ মৃতদেহৰ সৎকাৰ সম্পন্ন হৈছিল আৰু পৰিয়ালটো মৃতকৰ নিয়ম পালন কৰি আছিল। অনুসন্ধানৰ সময়ত ঘৰৰ ওপৰ মহলাৰ কোঠাৰ দৰ্জাত বিস্ফোৰণৰ চিন পোৱা গৈছে। তদুপৰি এই বিস্ফোৰণৰ ফলত জ্বলি গৈছিল কোঠাটোত থকা খেৰ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি