একপক্ষীয় প্ৰেম! প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱা বাবেই ৰাজপথতে যুৱতীয়ে ব্লেডেৰে ৰেপিলে যুৱকক

News18 Assam | News18-Assam
Updated:February 7, 2020, 7:47 AM IST
একপক্ষীয় প্ৰেম! প্ৰেমৰ প্ৰস্তাৱ মানি নোলোৱা বাবেই ৰাজপথতে যুৱতীয়ে ব্লেডেৰে ৰেপিলে যুৱকক
ঘটনাক লৈ যুৱকজনৰ ফালৰ পৰা এইপৰ্যন্ত কোনো এজাহাৰ দাখিল হোৱা নাই। যুৱক–যুৱতী দুয়ো নাবালক বুলিও জানিব পৰা গৈছে।

ঘটনাক লৈ যুৱকজনৰ ফালৰ পৰা এইপৰ্যন্ত কোনো এজাহাৰ দাখিল হোৱা নাই। যুৱক–যুৱতী দুয়ো নাবালক বুলিও জানিব পৰা গৈছে।

  • Share this:
দুয়ো একেখন কলেজতে পঢ়ে। প্ৰথম দেখাতে যুৱকজনৰ প্ৰেমত পৰিছিল যুৱতীগৰাকী। একপক্ষীয়ভাৱে ভাল পাই আহিছিল যুৱকজনক। কেইবাবাৰো ভালপোৱাৰ প্ৰস্তাৱো দিছিল, কিন্তু যুৱকজনে মানি লোৱা নাছিল যুৱতীগৰাকীৰ প্ৰেমৰ প্ৰস্তাৱ। যুৱতীগৰাকীৰ প্ৰেমৰ প্ৰস্তাৱক কোনো গুৰুত্ব দিয়া নাছিল যুৱকজনে।

কলেজত ভালকৈ পঢ়া–শুনা কৰিব বিচাৰিছিল যুৱকজনে। কিন্তু প্ৰেমত বলিয়া যুৱতীগৰাকীয়ে ব্যতিব্যস্ত কৰি তুলিছিল। প্ৰেমৰ প্ৰস্তাৱৰ লগতে বিয়াৰ বাবেও হেঁচা দিছিল যুৱতীগৰাকীয়ে। যুৱকজনে কৈছিল – ‘প্ৰেম–বিয়া এইবোৰ পিছত, এতিয়া পঢ়াৰ সময়।’

খং উঠিল যুৱতীৰ। বাৰে বাৰে প্ৰেমত বিফল হৈ হাতত চোকা ব্লেড লৈ পথৰ কাষত ৰৈ থাকিল যুৱতী। পৰীক্ষাৰ পিছত কলেজৰ পৰা ওলাই গৈছিল যুৱকজন। কাষ পোৱাৰ লগে লগে চলালে আক্ৰমণ। ব্লেডেৰে ৰেপি চিৰাচিৰ কৰিলে যুৱকজনৰ দেহৰ কেইবাঠাইতো। যুৱকজন এতিয়া হাস্পতালত। যুৱকজনক ব্লেডেৰে ৰেপি নিজেও অচেতন হৈ পৰে যুৱতীগৰাকী। ঘটনাটো উত্তৰ প্ৰদেশৰ বৰেলী জিলাৰ।

জানিব পৰা মতে, ঘটনাক লৈ যুৱকজনৰ ফালৰ পৰা এইপৰ্যন্ত কোনো এজাহাৰ দাখিল হোৱা নাই। যুৱক–যুৱতী দুয়ো নাবালক বুলিও জানিব পৰা গৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি