• Home
  • »
  • News
  • »
  • nation
  • »
  • Crocodile: শিহৰণকাৰী দৃশ্য! পদূলিতে প্ৰকাণ্ড ঘৰিয়াল, চাওক Video

Crocodile: শিহৰণকাৰী দৃশ্য! পদূলিতে প্ৰকাণ্ড ঘৰিয়াল, চাওক Video

Crocodile: উত্তৰ প্ৰদেশৰ শিৱকুটিত বৰষুণৰ সময়ত এই প্ৰকাণ্ড ঘৰিয়ালটো আৱাসিক এলেকাত সোমাই গৈছিল। চাওক ভিডিঅ'-

Crocodile: উত্তৰ প্ৰদেশৰ শিৱকুটিত বৰষুণৰ সময়ত এই প্ৰকাণ্ড ঘৰিয়ালটো আৱাসিক এলেকাত সোমাই গৈছিল। চাওক ভিডিঅ'-

Crocodile: উত্তৰ প্ৰদেশৰ শিৱকুটিত বৰষুণৰ সময়ত এই প্ৰকাণ্ড ঘৰিয়ালটো আৱাসিক এলেকাত সোমাই গৈছিল। চাওক ভিডিঅ'-

  • Share this:
ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা শিহৰণকাৰী ভি়ডিঅ'। টুইটাৰত এজন সাংবাদিকে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা গৈছে যে স্থানীয় লোকে এটা প্ৰকাণ্ড ঘৰিয়াল (Crocodile) ধৰি-বান্ধি লৈ যাবলৈ চেষ্টা কৰিছে। এদল মানুহে ঘৰিয়ালটোৰ মুখত বান্ধি টানি নিবলৈ চেষ্টা কৰিছে। কিন্তু ঘৰিয়ালটোক টনা-আঁজোৰা কৰিলেই নেজোৰো কোবাই, খৰলুটি মাৰি নিজকে বচোৱাৰ প্ৰাণপণ চেষ্টা কৰে ঘৰিয়ালটোৱে। টানিলেই ঠেং দুখন কোবাই দিয়ে। দৃশ্য দেখিলে আপুনিও বুজিব যে এইহেন প্ৰকাণ্ড ঘৰিয়াল ধৰিবলৈ যোৱাটো কিমান বিপদজনক। উত্তৰ প্ৰদেশৰ শিৱকুটিত বৰষুণৰ সময়ত এই প্ৰকাণ্ড ঘৰিয়ালটো আৱাসিক এলেকাত সোমাই গৈছিল। চাওক ভিডিঅ'-



এনে ঘটনা এইটোৱেই নহয়। চলিত মাহৰ আৰম্ভণিতে মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাত ৮ ফুট দৈৰ্ঘ্যৰ এটা কুম্ভীৰ এটা আৱাসিক এলেকাত প্ৰৱেশ কৰাৰ লগে লগে জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছিল। সেই ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল স্থানীয় লোকে। পিছত ইয়াক উদ্ধাৰ কৰি ওচৰৰ এটা হ্ৰদত এৰি দিয়া হয়।



পুৰণি বাছ ষ্টেণ্ডৰ সমীপৰ এখন কলনীত সংঘটিত হৈছে এই ঘটনা। প্ৰচণ্ড বৰষুণৰ মাজতে ঘূৰি ফুৰা কুম্ভীৰটো দেখা পোৱাৰ লগে লগে স্থানীয় ৰাইজে কৰ্তৃপক্ষক খবৰ দিয়ে। ওচৰৰ মাধৱ ৰাষ্ট্ৰীয় উদ্যানৰ এটা উদ্ধাৰকাৰী দল আহি এঘণ্টাৰো অধিক সময় ধৰি চলা অভিযানৰ অন্তত দৈত্যকায় কুম্ভীৰটোক বন্দী কৰে। দলটোৱে ৰাষ্ট্ৰীয় উদ্যান চৌহদত অৱস্থিত সাংখ্যসাগৰ হ্ৰদত মুকলি কৰি দিয়ে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি