বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / জম্মু কাশ্মীৰত নিজৰ নতুন দল আৰম্ভ কৰিবলৈ সাজু প্ৰাক্তন কংগ্ৰেছী নেতা গোলাম নবী আজাদ

জম্মু কাশ্মীৰত নিজৰ নতুন দল আৰম্ভ কৰিবলৈ সাজু প্ৰাক্তন কংগ্ৰেছী নেতা গোলাম নবী আজাদ

জম্মু কাশ্মীৰত নিজৰ নতুন দল আৰম্ভ কৰিবলৈ সাজু প্ৰাক্তন কংগ্ৰেছী নেতা গোলাম নবী আজাদ

দেওবাৰে এক ৰাজনৈতিক ৰেলী আয়োজনেৰে তেখেতে নিজ দল গঠনৰ বিষয়ে ঘোষণা কৰে।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

গোলাম নবী আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ মাত্ৰ এসপ্তাহৰ পাছতেই জম্মু–কাশ্মীৰত নিজৰ এক নতুন ৰাজনৈতিক দলৰ পাতনি মেলিবলৈ লৈছে।

দেওবাৰে এক ৰাজনৈতিক ৰেলী আয়োজনেৰে তেখেতে নিজ দল গঠনৰ বিষয়ে ঘোষণা কৰে। প্ৰাক্তন জম্মু–কাশ্মীৰৰ মুখ্যমন্ত্ৰী গোলাম নবী আজাদে বিগত সপ্তাহত অতি সোনকালে এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ কথা কৈছিল। নিৰ্বাচন অনুষ্ঠিত হ’ব লগা জম্মু আৰু কাশ্মীৰত ইয়াৰ প্ৰথম গোটটো আৰম্ভ কৰা হ’ব।

বিজ্ঞাপন

দলটোৰ নেতৃত্বাধীকাৰী আজাদৰ বিজেপি নাইবা জম্মু–কাশ্মীৰৰ মুখ্য দল নেচনেল কনফাৰেঞ্চ বা পিডিপিৰ সৈতে যোগ হোৱাৰ বিকল্প আছে। তথাপিও, আজাদে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তেওঁ বিজেপিৰ সৈতে লগ নহয় আৰু ইয়াৰ দ্বাৰা তেওঁৰ নাইবা বিজেপিৰ কোনো লাভ নাই বুলি কয়।

৭৩ বছৰীয়া নেতাজনে কংগ্ৰেছ দলৰ জম্মু-কাশ্মীৰ গোটৰ এটা পদ প্ৰত্যাখ্যান কৰাৰ কেইদিনমান পিছতে কংগ্ৰেছ দলটো ত্যাগ কৰি কৈছিল যে দলটোত নতুন সদস্যৰ নিযুক্তিৰ বাবে তেওঁৰ পৰামৰ্শ উপেক্ষা কৰা হৈছিল। মন কৰিবলগীয়া যে, তেওঁৰ কংগ্ৰেছ দল ত্যাগৰ ফলত দলটোৰ জম্মু আৰু কাশ্মীৰ গোটৰ পৰা অন্য বহু কংগ্ৰেছ নেতাসকলৰ ব্যাপক দলত্যাগ হৈছিল।

পদত্যাগৰ পিছত প্ৰবীণ নেতাজনে কংগ্ৰেছ হাইকামাণ্ডক লক্ষ্য কৰি ৰাহুল গান্ধীক শিশুসুলভ আচৰণ আৰু অপৰিপক্কতাৰ অভিযোগ উত্থাপন কৰিছিল।

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ পৰা আজাদৰ পদত্যাগৰ পাছত দলটোৰ পৰা কেইবাটাও আন উচ্চপদস্থ সদস্যই প্ৰস্থান কৰে যাৰ ভিতৰত পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং, দলটোৰ প্ৰাক্তন পঞ্জাৱৰ মুৰব্বী সুনীল জাখৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল চিব্বাল আৰু অশ্বনী কুমাৰ নাম অন্যতম।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন