• Home
  • »
  • News
  • »
  • nation
  • »
  • জম্মু–কাশ্মীৰ কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ সভাপতি পদ ত্যাগ গোলাম নবী আজাদৰ

জম্মু–কাশ্মীৰ কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ সভাপতি পদ ত্যাগ গোলাম নবী আজাদৰ

জম্মু-কাশ্মীৰত কংগ্ৰেছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চেহেৰা হিচাপে জনাজাত গোলাম নবী আজাদৰ শেহতীয়া এক সিদ্ধান্তই চৌদিশে চাঞ্চল্যকৰ সৃষ্টি কৰিছে।

জম্মু-কাশ্মীৰত কংগ্ৰেছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চেহেৰা হিচাপে জনাজাত গোলাম নবী আজাদৰ শেহতীয়া এক সিদ্ধান্তই চৌদিশে চাঞ্চল্যকৰ সৃষ্টি কৰিছে।

জম্মু-কাশ্মীৰত কংগ্ৰেছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চেহেৰা হিচাপে জনাজাত গোলাম নবী আজাদৰ শেহতীয়া এক সিদ্ধান্তই চৌদিশে চাঞ্চল্যকৰ সৃষ্টি কৰিছে।

  • Share this:
জম্মু-কাশ্মীৰত কংগ্ৰেছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চেহেৰা হিচাপে জনাজাত গোলাম নবী আজাদৰ শেহতীয়া এক সিদ্ধান্তই চৌদিশে চাঞ্চল্যকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে দলটোৰ জ্যেষ্ঠ নেতাগৰাকীয়ে জম্মু–কাশ্মীৰ কংগ্ৰেছ প্ৰচাৰ সমিতিৰ সভাপতি পদৰ লগতে জম্মু–কাশ্মীৰত কংগ্ৰেছৰ ৰাজনৈতিক বিষয়ৰ সমিতিৰ সদস্য পদৰ পৰা পদত্যাগ কৰে। মঙলবাৰে জম্মু–কাশ্মীৰত কংগ্ৰেছে বহুতো ৰাজনৈতিক সাল–সলনি কৰা হৈছিল আৰু দলটোত বহু নতুন মানুহক স্থান দিয়া হৈছিল। লগতে কিছুমান অনুভৱী নেতাসকলক একেলগে অনাৰ কাম বাবে কৰিছিল। একেসময়তে গোলাম নবী আজাদক ৰাজনৈতিক প্ৰচাৰ সমিতি আৰু সম্বনয় সমিতিৰ সভাপতি হিচাপে নিযুক্ত কৰিছিল। লগতে গোলাম নবীৰ ঘনিষ্ঠ বিকাৰ ৰছুল বাণীক জম্মু–কাশ্মীৰ কংগ্ৰেছৰ নতুন সভাপতি পদত নিযুক্ত কৰে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে জাৰি কৰা এক বিবৃতি অনুসৰি, ছোনিয়া গান্ধীয়ে জম্মু আৰু কাশ্মীৰ কংগ্ৰেছ কমিটিৰ বাবে নিৰ্বাচনী প্ৰচাৰ সমিতি আৰু ৰাজনৈতিক পৰিক্ৰমা সমিতিকে ধৰি সাতখন সমিতি গঠন কৰিছিল। বেণুগোপালে লগতে কয় যে ছোনিয়াই ৰাজ্যিক সভাপতি পদৰ পৰা গোলাম আহমেদ মীৰৰ পদত্যাগ গ্ৰহণ কৰে আৰু ৰছুল ৱানীক তেওঁৰ ঠাইত অধ্যক্ষ হিচাপে নিযুক্তি দিছে। আজাদৰ ঘনিষ্ঠ বুলি জনাজাত ৱানী এজন জ্যেষ্ঠ ৰাজ্যিক কংগ্ৰেছ নেতা আৰু বানিহালৰ বিধায়ক।

ইফালে গোলাম নবী আজাদে নিজ পদৰ পৰা পদত্যাগ কৰাৰ কাৰণ আৰম্ভণিতেই প্ৰকাশ কৰা নাছিল যদিও পৰৱৰ্তীকালত স্বাস্থ্যজনিত কাৰণৰ বাবে পদত্যাগ কৰা বুলি জনায়। অৱশ্যে জম্মু–কাশ্মীৰ কংগ্ৰেছ নেতাই অশ্বিনী হাণ্ডাই ব্যক্ত কৰা অনুসৰি কংগ্ৰেছ দলে শেহতীয়াকৈ জম্মু–কাশ্মীৰত যিটো প্ৰচাৰ দলৰ নিযুক্তি দিছিল সেই গোটত তৃণমূল পৰ্যায়ৰ নেতাসকলক গুৰুত্ব দিয়া হোৱা নাছিল। তৃণমূল পৰ্যায়ৰ নেতাসকলৰ লগত হোৱা এনে অন্যায়ৰ ফলত অসন্তুষ্ট হৈ গোলাম নবী আজাদে পদত্যাগ কৰা বুলি অশ্বিনী হাণ্ডাই জনায়।

আজাদক কংগ্ৰেছৰ 'G-23' গোটৰ এজন গুৰুত্বপূৰ্ণ সদস্যৰূপে জনা যায়। জম্মু-কাশ্মীৰত কংগ্ৰেছৰ এই নতুন নিযুক্তিৰ পিছত বিশ্বাস কৰা হৈছিল যে কংগ্ৰেছ হাইকমাণ্ড আৰু আজাদৰ মাজৰ সম্পৰ্ক উন্নত হৈছে। আনকি আজাদে বিগত ১৫ আগষ্টত ৰাহুল গান্ধীৰ সৈতে 'আজাদী গৌৰৱ যাত্ৰা'তো অংশগ্ৰহণ কৰিছিল। কিন্তু ইয়াৰ মাজতে তেওঁৰ পদত্যাগৰ খবৰে সকলোকে হতবাক কৰি তুলিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি