মুখ্যপৃষ্ঠা »খবৰ »দেশ »কংগ্ৰেছ দলক উদ্ধাৰৰ সঞ্জীৱনীঃ গান্ধী পৰিয়ালৰ বাহিৰৰ লোকক সভাপতিৰ দায়িত্ব দিয়াৰ পোষকতা, ৰাহুল গান্ধীলৈয়ো বিশেষ দায়িত্ব

কংগ্ৰেছ দলক উদ্ধাৰৰ সঞ্জীৱনীঃ গান্ধী পৰিয়ালৰ বাহিৰৰ লোকক সভাপতিৰ দায়িত্ব দিয়াৰ পোষকতা, ৰাহুল গান্ধীলৈয়ো বিশেষ দায়িত্ব

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিপৰ্যয়ৰ পিছত কংগ্ৰেছ দলত দেখা দিয়া নেতৃত্বৰ সংঘাত চৰম পৰ্যায় পাওঁতেই দলটোৰ আমূল পৰিবৰ্তন বিচৰা গোটটোৰ অন্যতম নেতা গোলাম নবী আজাদে চিন্তা কৰি উলিয়াইছে এক নতুন ফৰ্মূলা।

  • Share this:
৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিপৰ্যয়ৰ পিছত কংগ্ৰেছ দলত দেখা দিয়া নেতৃত্বৰ সংঘাত চৰম পৰ্যায়ত উপনীত হোৱাৰ সময়তে দলটোৰ আমূল পৰিবৰ্তন বিচৰা গোটটোৰ অন্যতম নেতা গোলাম নবী আজাদে চিন্তা কৰি উলিয়াইছে এক নতুন ফৰ্মূলা। তেওঁ ৰাহুল গান্ধীক লোকসভাত কংগ্ৰেছ দলৰ নেতাৰ দায়িত্ব প্রদান কৰি দলটোৰ সভাপতিৰ দায়িত্ব গান্ধী পৰিয়ালৰ বাহিৰৰ এজনক দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে। এই প্ৰস্তাৱ লৈ তেওঁ ইতিমধ্যে শুকুৰবাৰে নিশা ছোনিয়া গান্ধীকো সাক্ষাৎ কৰিছে।

উল্লেখযোগ্য যে, সেই একেটা প্ৰস্তাৱ লৈ জেষ্ঠ কংগ্ৰেছ নেতা ভুপিন্দৰ সিং হোডায়েও ৰাহুক গান্ধীক সাক্ষাৎ কৰিছিল। জেষ্ঠ কংগ্ৰেছ নেতা পি জে কুৰিয়েনে দিল্লীৰ পৰা প্ৰকাশিত এখন ইংৰাজী দৈনিকক কয় - এই পৰ্যায়ৰ পৰা আগবঢ়াৰ এটা উপায় হৈছে ৰাহুল গান্ধীয়ে লোকসভাত দলৰ নেতাৰ দায়িত্ব লওক আৰু দলৰ মূৰব্বীৰ দায়িত্ব পৰিয়ালৰ বাহিৰৰ কাৰোবাক ন্যস্ত কৰা হওক।

দলটোৰ উদ্ধাৰ কৰাৰ কাৰণে ২৩ জনীয়া জ্যেষ্ঠ কংগ্ৰেছ দলৰ গোটটোৱে যোৱা কিছুদিন কৰা দীঘলীয়া আলোচনাৰ অন্তত নিৰ্বাচন কৰি উলিওৱা পৰামৰ্শ সমূহো গোলাম নবী আজাদে ছোনিয়া গান্ধীক আৰু হোডাই ৰাহুল গান্ধীক অৱগত কৰা বুলি জানিব পৰা গৈছে । অৱশ্যে দলৰ নেতৃত্ব সলনিৰ প্ৰক্ৰিয়া নিৰ্বাচনৰ যোগেদি পূৰ্বে নিৰ্ধাৰিত সময় অনুসৰি কৰা হ’ব বুলি কংগ্ৰেছৰ শীর্ষ সূত্ৰই প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় অধ্যক্ষ চয়নৰ কাৰণে দলটোৱে অহা আগষ্ট-ছেপ্টেম্বৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা । তেতিয়ালৈ ছোনিয়া গান্ধীয়েই অন্তৰৱৰ্তীকালীন সভানেত্ৰী হৈ থাকিব।

ইপিনে দলটোৰ বিপৰ্যয়ৰ কাৰণ গান্ধী পৰিয়ালৰ নেতৃত্ব বুলি অভিহিত কৰি ইতিমধ্যে জ্যেষ্ঠ নেতা কপিল চিবলে পৰিয়ালৰ তিনিওজনৰ পদবীৰ পৰা পদত্যাগ দাবী কৰিছে। কিন্তু ইয়াৰ মাজতে একাংশ নেতাই কংগ্ৰেছ দলটো গান্ধী অবিহনে অস্তিত্বহীন বুলিও মতপোষণ কৰিছে। এনে সন্ধিক্ষণত দলটোত এক উলম্ব বিভাজন পৰিলক্ষিত হৈছে। তেনে অৱস্থাত দলটো আগন্তুক দিনত কেনেকৈ আগবাঢ়ে সেইয়া লক্ষণীয় হ'ব ।

শেহতীয়া বাতৰি