• Home
  • »
  • News
  • »
  • nation
  • »
  • আটাত থুৱাই বনাই তন্দুৰী ৰুটী, ভিডিঅ' ভাইৰেলৰ পিছতে অভিযুক্ত তামিজুদ্দিনক গ্ৰেপ্তাৰ

আটাত থুৱাই বনাই তন্দুৰী ৰুটী, ভিডিঅ' ভাইৰেলৰ পিছতে অভিযুক্ত তামিজুদ্দিনক গ্ৰেপ্তাৰ

তাৎপৰ্যপূৰ্ণ যে এইটোৱে প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বেও  ঘটা এই ঘটনাবোৰে স্বাভাৱিকতে বাহিৰত খোৱা খাদ্যক লৈ আনিছে সংশয়।

তাৎপৰ্যপূৰ্ণ যে এইটোৱে প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বেও ঘটা এই ঘটনাবোৰে স্বাভাৱিকতে বাহিৰত খোৱা খাদ্যক লৈ আনিছে সংশয়।

তাৎপৰ্যপূৰ্ণ যে এইটোৱে প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বেও ঘটা এই ঘটনাবোৰে স্বাভাৱিকতে বাহিৰত খোৱা খাদ্যক লৈ আনিছে সংশয়।

  • Share this:

দিল্লী-এনচিআৰৰ গাজিয়াবাদ (Ghaziabad)ত তন্দুৰী ৰুটী তৈয়াৰ কৰাৰ সময়ত ৰুটীত থুৱাই থকা এগৰাকী ৰান্ধনীৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ'টোত দেখা গৈছে যে এজন ৰান্ধনীয়ে ধাবাত তন্দুৰী ৰুটী সেকি থকা চৌকাত ৰুটীখন দিয়াৰ আগতে তাত থুৱাই দিছে।


ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে বি‍ভিন্ন সংগঠনৰ প্ৰতিবাদৰ পিছতে আৰক্ষীয়ে অভিযুক্ত তামিজুদ্দিনক গ্ৰেপ্তাৰ কৰে আৰু দোকানখন বন্ধ কৰে। গোটেই ঘটনাটো গাজিয়াবাদৰ থানা চিহানিগেট অঞ্চলৰ ৰাকেশ মাৰ্গৰ চিকেন পইণ্ট নামৰ দোকানৰ বুলি কোৱা হৈছে। এই ভিডিঅ'টো দুদিন পুৰণি বুলি কোৱা হৈছে। অৱশ্যে নিউজ১৮-এ এই ভাইৰেল ভিডিঅ'টো নিশ্চিত নকৰে।


 

ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত বিশেষকৈ হিন্দু সংগঠনবোৰে হুলস্থূলৰ সৃষ্টি কৰে আৰু দোকানখনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে তামিজুদ্দিনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰু চিকেন পইণ্টৰ বিৰুদ্ধে এখন এজাহাৰো পঞ্জীয়ন কৰা হৈছে।


তাৎপৰ্যপূৰ্ণ যে এইটোৱে প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বেও পশ্চিম উত্তৰ প্ৰদেশৰ এনে কেইবাটাও ভিডিঅ' ভাইৰেল হৈ পৰিছে। ইয়াৰ আগতে, এনে ভিডিঅ'ৰ বাবে বহুতোকে গ্ৰেপ্তাৰ কৰা হৈছিল।

Published by:Gautam Barman
First published: