হাতত তেল–চাবোন লৈ থানাত উপস্থিত এজন যুৱক, জে’ললৈ পঠিয়াবলৈ খাটনি ধৰিলে আৰক্ষীক, কিন্তু কিয়?

প্ৰথমে আৰক্ষীয়ে যুৱকজনক থানাৰ পৰা পঠিয়াই দিয়ে, কিন্তু কিছু সময়ত পিছত আকৌ থানাত উপস্থিত হৈ জে’ললৈ পঠিয়াবলৈ অনুৰোধ জনায় যুৱকজনে।

News18-Assam
Updated:September 22, 2019, 12:15 PM IST
হাতত তেল–চাবোন লৈ থানাত উপস্থিত এজন যুৱক, জে’ললৈ পঠিয়াবলৈ খাটনি ধৰিলে আৰক্ষীক, কিন্তু কিয়?
Photo : News18 Hindi
News18-Assam
Updated: September 22, 2019, 12:15 PM IST
হাতত তেল–চাবোন আদি লৈ থানাত উপস্থিত হ’ল এজন যুৱক। থানাত উপস্থিত হৈ যুৱকজনে তেওঁক জে’ললৈ পঠিয়াবলৈ অনুৰোধ জনালে আৰক্ষীক। যুৱকজনৰ কথা শুনি আচৰিত হ’ল আৰক্ষী। কোনো গোচৰত অভিযুক্ত নোহোৱাকৈ কিদৰে জে’ললৈ পঠিয়াব যুৱকজনক। কিন্তু যুৱকজনে নামানে, তেওঁক জে’ললৈ পঠিয়াবই লাগিব। প্ৰায় দুই ঘণ্টা ধৰি আৰক্ষীৰ খাটনি ধৰিলে যুৱকজনে। ঘটনাটো উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ।

যুৱকজনৰ মতে তেওঁ নিচাসক্ত। ড্ৰাগছ নোলোৱাকৈ থাকিব নোৱাৰে। ঘৰত থাকিলে ড্ৰাগছ এৰিব নোৱাৰে। সেয়েহে তেওঁক জে’ললৈ প্ৰেৰণ কৰিব লাগে। জে’লত থাকিলে হয়তো এই বদ অভ্যাস এৰিব পাৰিব।

জানিব পৰা মতে, যুৱকজন আলীগড়ৰ বাসিন্দা। নাম আনিছ আলভী। ২২ বছৰীয়া যুৱকজন পৰিয়ালৰ সৈতে অৰ্থলা শিৱ মন্দিৰৰ সমীপত ভাৰাঘৰত থাকে। আনিছে শুকুৰবাৰে দুপৰীয়া জি আৰ পি থানাত উপস্থিত হয়। লগত দুযোৰ কাপোৰ, চাবোন, চেম্পু, টুথব্ৰাছ, টুথপেষ্ট আদি সামগ্ৰী। থানাত প্ৰৱেশ কৰিয়ে যুৱকজনে নিজকে জে’ললৈ পঠিয়াবলৈ খাটনি ধৰে আৰক্ষীক।

যেতিয়া আৰক্ষীয়ে সুধিলে, তুমি কি অপৰাধ কৰিছা? আনিছে কয় যে নিচা এৰিবলৈ কিছুদিন জে’লত বন্দী হৈ থাকিব বিচাৰে। আনিছে কয় যে তেওঁ ১২ বছৰৰ পৰা নিচাসক্ত। প্ৰথমে আৰক্ষীয়ে যুৱকজনক থানাৰ পৰা পঠিয়াই দিয়ে, কিন্তু কিছু সময়ত পিছত আকৌ থানাত উপস্থিত হৈ জে’ললৈ পঠিয়াবলৈ অনুৰোধ জনায় যুৱকজনে।

দৈনিক জাগৰণৰ মতে, আনিছ আলভীয়ে কয় যে নিচাসক্ত হোৱা বাবে তেওঁ মাতৃক ভালদৰে চোৱাচিতা কৰিব নোৱাৰে। তেওঁৰ বদ অভ্যাসৰ বাবে মাতৃয়ে দিন হাজিৰা কৰিবলগীয়া হৈছে। তেওঁ এই বদ অ‍ভ্যাসৰ পৰা মুক্ত হ’বলৈ মাতৃৰ পৰা জে’ল যোৱাৰ অনুমতি বিচাৰে। প্ৰথমে মাতৃয়ে অস্বীকাৰ কৰিছিল, কিন্তু যেতিয়া যুৱকজনে ক’লে যে নিচামুক্ত হোৱাৰ পিছত সকলো সমস্যা দূৰ হ’ব, তেতিয়া অনুমতি দিয়ে মাতৃয়ে। অৱশ্যে আৰক্ষী বিষয়াই তেওঁক কয় যে অপৰাধ নকৰাকৈ কোনো লোকক জে’ললৈ প্ৰেৰণ কৰিব নোৱাৰি।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি