মুহূৰ্ততে নিঃশেষ এটা পৰিয়াল, প্ৰথমে ২ সন্তানক হত্যা, তাৰ পিছত ২ পত্নীসহ অষ্টম মহলাৰ পৰা জঁপিয়ালে স্বামীয়ে

News18 Assam | News18-Assam
Updated:December 3, 2019, 11:02 AM IST
মুহূৰ্ততে নিঃশেষ এটা পৰিয়াল, প্ৰথমে ২ সন্তানক হত্যা, তাৰ পিছত ২ পত্নীসহ অষ্টম মহলাৰ পৰা জঁপিয়ালে স্বামীয়ে
ঘৰটোৰ এটা কোঠাৰ দেৱালত লিখা আছিল ছুইচাইড নোট। যাৰ পৰা জানিব পৰা গৈছে যে আৰ্থিক সংকটৰ বাবেই পৰিয়ালটোৱে এই পথ বাচি লয়।

ঘৰটোৰ এটা কোঠাৰ দেৱালত লিখা আছিল ছুইচাইড নোট। যাৰ পৰা জানিব পৰা গৈছে যে আৰ্থিক সংকটৰ বাবেই পৰিয়ালটোৱে এই পথ বাচি লয়।

  • Share this:
গাজিয়াবাদৰ ইন্দিৰাপুৰমৰ বৈভৱ খণ্ডত সংঘটিত হৈছে এক গাৰ নোম শিহৰি উঠা ঘটনা। এটা এপাৰ্টমেণ্টৰ অষ্টম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে স্বামী আৰু দুই মহিলাই। ইয়াৰ ভিতৰত স্বামীৰ লগতে এগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱাৰ লগতে আনগৰাকী মহিলাৰ মৃত্যু হয় হাস্পতালত। বিল্ডিঙৰ পৰা জাঁপ দিয়াৰ পূৰ্বে স্বামী–স্ত্ৰীয়ে মিলি শুই থকা দুই সন্তানক ডিঙি চেপি হত্যা কৰে।

গাজিয়াবাদৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুধীৰ কুমাৰে কয় যে এপাৰ্টমেণ্টটোৰ A-805 নম্বৰ ফ্লেটটো খোলাত প্ৰত্যক্ষ কৰে দুই শিশুৰ মৃতদেহ। ইয়াৰ ভিতৰত এজন প্ৰায় ১২ বছৰীয়া কিশোৰ আৰু আনটো মৃতদেহ প্ৰায় ১১ বছৰ বয়সৰ কিশোৰীৰ।


ঘৰটোৰ এটা কোঠাৰ দেৱালত লিখা আছিল ছুইচাইড নোট। যাৰ পৰা জানিব পৰা গৈছে যে আৰ্থিক সংকটৰ বাবেই পৰিয়ালটোৱে এই পথ বাচি লয়। প্ৰায় এমাহ পূৰ্বে এপাৰ্টমেণ্টটোত থাকিবলৈ লৈছিল পৰিয়ালটোৱে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি