মুখ্যপৃষ্ঠা »খবৰ »দেশ »১৮ মাৰ্চৰ পৰাই দিল্লী বিমান বন্দৰত আবদ্ধ হৈ আছে জাৰ্মান নাগৰিক! অসহায় অৱস্থাত পাৰ কৰিছে সময়

১৮ মাৰ্চৰ পৰাই দিল্লী বিমান বন্দৰত আবদ্ধ হৈ আছে জাৰ্মান নাগৰিক! অসহায় অৱস্থাত পাৰ কৰিছে সময়

৫৪ দিন ধৰি দিল্লী বিমান বন্দৰত ৪০ বছৰীয়া জাৰ্মান নাগৰিক

৫৪ দিন ধৰি দিল্লী বিমান বন্দৰত ৪০ বছৰীয়া জাৰ্মান নাগৰিক

৫৪ দিন ধৰি দিল্লী বিমান বন্দৰত ৪০ বছৰীয়া জাৰ্মান নাগৰিক

  • Share this:
ল’ক ডাউনৰ ফলত এতিয়া দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ পৰিছে বৃহত্‍ সংখ্যক লোক। আনকি বহু বিদেশী নাগৰিকো এতিয়া আবদ্ধ হৈ আছে দেশৰ বিভিন্ন অঞ্চলত। দিল্লীৰ বিমান বন্দৰত বিগত ৫৪ দিন ধৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছে ৪০ ‍বছৰীয়া এজন জাৰ্মান নাগৰিক।

দেশৰ ঘৰুৱা তথ্যা আন্তৰ্জাতিক বিমান সেৱা বন্ধ হয় থকাৰ বাবে এতিয়া দিল্লীৰ বিমান বন্দৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে জাৰ্মানীৰ নাগৰিকজন।

জানিব পৰা মতে, এডগাৰ্ড জিবেট নামৰ জাৰ্মান নাগৰিকজনে হান’য়ৰ পৰা ইস্তানবুললৈ গৈ আছিল। কিন্তু ১৮ মাৰ্চৰ দিনা ভাৰতে তুৰ্কীলৈ যোৱা বা তুৰ্কীৰ পৰা অহা সকলো বিমান সেৱা কোৰোণাৰ ভাইৰাছৰ সংক্ৰমণৰ বাবে বন্ধ কৰি দিলে। পিছত ২৫ মাৰ্চৰ পৰা সকলো আন্তৰ্জাতিক বিমান সেৱাই বন্ধ কৰি দিয়া হয়। যাৰ ফলত নিজৰ গন্তব্য স্থানত উপস্থিত হ’বগৈ নোৱাৰিলে জাৰ্মানৰ নাগৰিকজনে।

এতিয়া জিবেটৰ সন্মুখলৈ আহিছে আন এক বিপদ। নিজৰ দেশত জিবেটৰ আছে ক্ৰিমিনেল ৰেকৰ্ড। গতিকে ভাৰত চৰকাৰেও লোকজনলৈ নিৰাপত্তা জনিত কাৰণত প্ৰদান কৰা নাই ভিচা। ফলত এতিয়া বিমানবন্দৰতে কটাবলগীয়া হৈছে দিন।

শেহতীয়া বাতৰি