অনধিকাৰ প্ৰৱেশ! পাকিস্তানী বিমানক জয়পুৰত ঘেৰাও বায়ুসেনাৰ

অনুমতি নোলোৱাকৈ ভাৰতত প্ৰৱেশক কৰিছিল পাকিস্তানী বিমানে, পাইলটক সোধা–পোছা অব্যাহত। 

news18assam
Updated:May 10, 2019, 7:32 PM IST
অনধিকাৰ প্ৰৱেশ! পাকিস্তানী বিমানক জয়পুৰত ঘেৰাও বায়ুসেনাৰ
জয়পুৰৰ বিমানবন্দৰত পাকিস্তানৰ কাৰ্গো বিমান
news18assam
Updated: May 10, 2019, 7:32 PM IST
পাকিস্তানী বায়ুসীমাৰ পৰা ভাৰতত অনধিকাৰ প্ৰৱেশ কৰা এখন বিমানক জয়পুৰৰ আকাশত বায়ুসেনাৰ ফাইটৰ জেটে ঘেৰি অৱতৰণ কৰোৱায়। পাকিস্তানৰ বিমানখন এটেনাৱ এ এন ১২ বিমান বুলি  জনাইছে সেনাই। তথ্য অনুসৰি ভাৰতীয় সীমাত অনুমতি নোলোৱাকৈ প্ৰৱেশ কৰিছিল পাকিস্তানী বিমানখনে। বায়ুসেনাই বিমানখনৰ পাইলটক সোধা–পোছা কৰি অনুসন্ধান অব্যাহত ৰাখিছে। জয়পুৰ আৰক্ষীকো এই বিষয়ত অৱগত কৰা হৈছে। গুজৰাটৰ সীমাৰে বিমানখনে ভাৰতৰ সীমাত প্ৰৱেশ কৰাৰ তথ্য এএনআইৰ পৰা জানিব পৰা গৈছে। বিমানখন জৰ্জিয়াত নিৰ্মিত এখন কাৰ্গো বিমান আৰু বিমানখনে নিজৰ বাট এৰি অন্য বাটেৰে যাত্ৰা কৰিছিল বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছে। এয়াৰফৰ্চৰ ৰাডাৰত ধৰা পৰাৰ পিছত সন্দেহজনক যেন পাই বায়ুসেনাই বিমানখন ঘেৰাও কৰে। সূত্ৰত প্ৰকাশ পোৱা অনুসৰি কৰাচীৰ পৰা উৰা মৰা বিমানখনে দিল্লীৰ ফালে গৈ আছিল। বিমানখনে ভুলঃবশত বাট পাহৰি অন্য পথ ল’লে নে কোনো চক্ৰান্তৰে এনেদৰে অন্য ফালে গৈছিল সেয়া জানিব পৰা হোৱা নাই। বিমানমখনত থকা দুয়োজন পাইলটক সোধা–পোছা কৰি থকা হৈছে।

 

 




সুখই বিমানেৰে ঘেৰাও

এই কাৰ্গো বিমানখন ভাৰতীয় বায়ুসেনাৰ সুখই বিমানে গুজৰাটৰ আকাশতে ঘেৰাও কৰে। ইয়াৰ পিছত পাইলটক বিমানখন অৱতৰণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে সেনাই। ভাৰতীয় বায়ুসেনাই ঘেৰাও কৰি জয়পুৰ এয়াৰপৰ্টলৈ অনাৰ পিছত বিমানখনে অৱতৰণ কৰে।

আৰু চাওক পৰৱৰ্তী বাতৰি