General Atlantic-Reliance Retail deal: ৰিলায়েঞ্চ ৰিটেইলত ৩৬৭৫ কোটি টকা বিনিয়োগ কৰিব General Atlantic–এ

ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।
ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।
- News18 Assam
- Last Updated: September 30, 2020, 10:16 AM IST
ৰিলায়েঞ্চ ৰিটেইলৰ ভেঞ্চাৰ্ছৰ সহযোগী ৰিলায়েঞ্চ ৰিটেইল ভাৰতৰ সৰ্ববৃহৎ খুচুৰা ব্যৱসায়, যিয়ে ৭০০০খন চহৰত ১২০০০খন বিপণীৰ জৰিয়তে সেৱা আগবঢ়াই আছে।
প্ৰযুক্তি, উপভোক্তা, আৰ্থিক সেৱা আৰু স্বাস্থ্যসেৱাত বিনিয়োগৰ ৪০ বছৰৰ ট্ৰেক ৰেকৰ্ড থকা জেনেৰেল আটলাণ্টিকৰ শেহতীয়া বিনিয়োগ প্ৰযুক্তিগত উদ্ভাৱনৰ জৰিয়তে ৰিলায়েঞ্চ ৰিটেইলক ভাৰতীয় খুচুৰা বজাৰত এক ৰূপান্তৰ পৰিচালনাৰ সামৰ্থ্য হিচাপে সমৰ্থন কৰা দেখা যাব।
বিগত ছেপ্টেম্বৰ মাহত ছিলভাৰ লেকে ৰিলায়েঞ্চ ৰিটেইল ভেঞ্চাৰ্ছত ১.৭৫ শতাংশ অংশীদাৰিত্বৰ বাবে ৭,৫০০ কোটি টকা বিনিয়োগৰ কথা জনাইছিল।
বিগত সপ্তাহত আন এটা আগশাৰীৰ ব্যক্তিগত ইকুইটি প্লেয়াৰ কেকেআৰ এণ্ড কোম্পানীয়ে কৈছিল যে তেওঁলোকে ৫৫৫০ কোটি টকা ৰিলায়েঞ্চ ৰিটেইল ভেঞ্চাৰ্ছত বিনিয়োগ কৰিব ১.২৮ শতাংশ অংশীদাৰিত্বৰ বাবে।
ৰিলায়েঞ্চে জনাইছে, ৰিলায়েঞ্চ ৰিটেইলৰ বিনিয়োগ মূল্য বৃদ্ধি হ’ল ৪.২৮ লাখ কোটি টকা (প্ৰি–মানি ইকুইটি ভেল্যু)। আগৰ দুটা চুক্তিৰ পৰিমাণ আছিল ৪.২১ লাখ কোটি টকা।
আৰআৰভিএলৰ শাখা সংস্থা ৰিলায়েঞ্চ ৰিটেইল লিমিটেড সংগঠিত খুচুৰা ক্ষেত্ৰত ভাৰতৰ বৃহত্তম, দ্ৰুততম হাৰত বৰ্ধিত আৰু আটাইতকৈ লাভজনক সংস্থা। ছুপাৰ মাৰ্কেটৰ পৰা আৰম্ভ কৰি কনজুমাৰ ইলেকট্ৰনিক্স চেইন বিপণী, পাইকাৰী ব্যৱসায়, ফেশ্বন আউটলেট আৰু অনলাইন বিপণী জিঅ’ মাৰ্ট পৰিচালনা কৰে। ফিউচাৰ গোষ্ঠীৰ পাইকাৰী আৰু খুচুৰা ব্যৱসায় কিনি লোৱাৰ পিছত ভাৰতৰ সংগঠিত খুচুৰা ব্যৱসায় ক্ষেত্ৰৰ এক তৃতীয়াংশ মুকেশ আম্বানীৰ অধীনলৈ যাব বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে।