• Home
  • »
  • News
  • »
  • nation
  • »
  • Ritika Phogat: সহিব নোৱাৰিলে পৰাজয়ৰ গ্লানি! স্ব-ইচ্ছাই জীৱন ত্যাগ কৰিলে গীতা-ববিতা ফ'গাতৰ ভগ্নী ঋত্বিকা ফ'গাতে

Ritika Phogat: সহিব নোৱাৰিলে পৰাজয়ৰ গ্লানি! স্ব-ইচ্ছাই জীৱন ত্যাগ কৰিলে গীতা-ববিতা ফ'গাতৰ ভগ্নী ঋত্বিকা ফ'গাতে

"দংগল খ্যাত" মহিলা মল্লযুঁজাৰু গীতা আৰু ববিতা ফ'গাতৰ ভগ্নী ঋত্বিকা ফ'গাতৰ জীৱন ত্যাগ

"দংগল খ্যাত" মহিলা মল্লযুঁজাৰু গীতা আৰু ববিতা ফ'গাতৰ ভগ্নী ঋত্বিকা ফ'গাতৰ জীৱন ত্যাগ

"দংগল খ্যাত" মহিলা মল্লযুঁজাৰু গীতা আৰু ববিতা ফ'গাতৰ ভগ্নী ঋত্বিকা ফ'গাতৰ জীৱন ত্যাগ

  • Share this:
জীৱন যুঁজত হাৰ মানিলে এগৰাকী উদীয়মান মল্লযুঁজাৰুৱে।গীতা আৰু ববিতা ফ'গাতৰ ভগ্নী তথা  আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হোৱাৰ সপোন কঢ়িয়াই ফুৰা মহিলা মল্লযুঁজাৰু ঋত্বিকা ফ'গাতে স্ব-ইচ্ছাই কৰিলে জীৱন ত্যাগ। খেলত জয়ী হ'ব নোৱাৰি ১৭ বছৰীয়া ঋত্বিকাই বাছি ল'লে চৰম পন্থা। পেহাক তথা দোৰ্ণাচাৰ্য মহাবীৰ সিং ফ'গাতৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে "দংগল খ্যাত" মহিলা মল্লযুঁজাৰু গীতা আৰু ববিতা ফ'গাতৰ ভগ্নী ঋত্বিকা ফ'গাতে।

তথ্য অনুসৰি, যোৱা ১২ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ ভাৰতপুৰৰ লোহাগড় ষ্টেডিয়ামত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত চাব-জুনিয়ৰ, জুনিয়ৰ মহিলা আৰু পুৰুষ মল্লযুঁজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ঋত্বিকাই। উক্ত প্ৰতিযোগিতাখনতে উপস্থিত আছিল ঋত্বিকাৰ প্ৰশিক্ষক  মহাবীৰ সিং ফ'গাতো।

কিন্তু প্ৰতিযোগিতাৰ ফাইনেল পৰ্যায়লৈ উপনীত হৈ ১ পইণ্টৰ ব্যৱধানত পৰাজয় বৰণ কৰিছিল ঋত্বিকাই। আৰু সেই পৰাজয়ৰ গ্লানি সহিব নোৱাৰি, ১৫মাৰ্চৰ নিশা প্ৰায় ১১ বজাত চিপ লৈ আত্মহত্যা কৰে ঋত্বিকাই। কিন্তু এই কথা আজিহে অৱগত কৰে হাৰিয়ানা আৰক্ষীয়ে।

ইপিনে ভগ্নীৰ মৃত্যুত শোক প্ৰকাশ কৰি মল্লযুঁজাৰু গীতা ফুগাতে লিখে, "ভগৱানে মোৰ সৰু ভণ্টী, মামাৰ ছোৱালী ঋত্বিকাৰ আত্মাক শান্তি দিয়ক। মোৰ পৰিয়ালৰ বাবে এয়া অত্যন্ত দুখৰ সময়। ঋত্বিকা প্ৰতিভাৱান মল্লযুঁজাৰু আছিল। কিন্তু তাই কিয় এনে পন্থা বাছি ল'লে সেয়া নাজানো। "
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি