৬বছৰত ভাৰতীয় অৰ্থনীতিৰ আটাইতকৈ শোচনীয় অৱস্থা, GDP ৰেট নামিল ৪.৫%লৈ

News18 Assam | News18-Assam
Updated:November 29, 2019, 6:24 PM IST
৬বছৰত ভাৰতীয় অৰ্থনীতিৰ আটাইতকৈ শোচনীয় অৱস্থা, GDP ৰেট নামিল ৪.৫%লৈ
জুলাই–ছেপ্তেম্বৰ ত্ৰিমাসিক ঘৰুৱা মুঠ উৎপাদনৰ হাৰ অতি নিম্ন।

জুলাই–ছেপ্তেম্বৰ ত্ৰিমাসিক ঘৰুৱা মুঠ উৎপাদনৰ হাৰ অতি নিম্ন।

  • Share this:
চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়টো ত্ৰিমাসিক অৰ্থাৎ জুলাই–ছেপ্তেম্বৰ মাহৰ গড় ঘৰুৱা উৎপাদন হ্ৰাস পাই ৪.৫শতাংশলৈ নামিল। ইয়াৰ পূৰ্বৰ ত্ৰিমাসিকত জিডিপি ৰেট ৫শতাংশৰ ওপৰত আছিল। যোৱা ২৬মাহৰ এয়া আটাইতকৈ নিম্নমানৰ জিডিপি। যোৱাবছৰ একেটা ত্ৰিমাসিকৰ GDP গ্ৰ’থ ৭শতাংশ আছিল।

ছেপ্তেম্বৰ ত্ৰিমাসিকত গ্ৰছ ভ্যেলু এডেড হ্ৰাস পাই ৪.৩শতাংশলৈ নামিছিল। প্ৰথম ত্ৰিমাসিকত এয়া ৪.৯শতাংশ ৰেটত আছিল। এবছৰ পূৰ্বে এই হাৰ ৬.৯শতাংশ আছিল।



এতিয়া কি হ’ব?

নিউজ এজেন্সী ৰয়টাৰ্ছে নিজৰ এক প্ৰতিবেদনত কৈছিল যে ভাৰতীয় ৰিজাৰ্ভ বেংকে আকৌ এবাৰ ৰেপ’ ৰেট ০.২৫শতাংশ হ্ৰাস কৰিব পাৰে। তিনিৰ পৰা পাঁচ ডিচেম্বৰলৈ চলিবলগীয়া MPC বৈঠকত ৰেপ’ ৰেট হ্ৰাস পাই ৪.৯ শতাংশ কৰাৰ সম্ভাৱনা আছে। চাৰ্ভেত অন্তৰ্ভুক্ত কৰা অধিকাংশ অৰ্থনীতিবিদৰ মতে ঘৰুৱা ঋণৰ লেহেমীয়া গতি আৰু কোম্পানীসমূহৰ লাভৰ পৰিমান কম হোৱাৰ কাৰণে ভাৰতীয় অৰ্থব্যৱস্থাই গতি লাভ কৰিবলৈ সময় লাগিব।

GDP মানে কি?

জিডিপি হৈছে কোনো বিশেষ অৱধিৰ বস্তু আৰু সেৱাৰ উৎপাদনৰ মুঠ মূল্য। ভাৰতত জিডিপি গণনা প্ৰতি তৃতীয় মাহত অৰ্থাৎ ত্ৰিমাসিক ভিত্তিত হয়। উল্লেখযোগ্য যে এই উৎপাদন বা সেৱা দেশৰ ভিতৰতে হ’ব লাগিব।
আৰু চাওক পৰৱৰ্তী বাতৰি