আৰ্থিক মন্দাৱস্থালৈ গতি কৰিলে ভাৰতবৰ্ষ! প্ৰথম ত্ৰিমাসিকতে ২৩.৯ শতাংশ নিম্নগামী হ’ল দেশৰ অৰ্থনীতি

News18 Assam | News18-Assam
Updated:August 31, 2020, 8:44 PM IST
আৰ্থিক মন্দাৱস্থালৈ গতি কৰিলে ভাৰতবৰ্ষ! প্ৰথম ত্ৰিমাসিকতে ২৩.৯ শতাংশ নিম্নগামী হ’ল দেশৰ অৰ্থনীতি
তথ্যৰ ভিত্তিত দেখা গৈছে যে, জি২০ৰ দেশসমূহৰ ভিতৰত আটাইতকৈ বেয়া অৱস্থা ভাৰতৰ।

তথ্যৰ ভিত্তিত দেখা গৈছে যে, জি২০ৰ দেশসমূহৰ ভিতৰত আটাইতকৈ বেয়া অৱস্থা ভাৰতৰ।

  • Share this:
চৰকাৰী ভাবে আৰ্থিক মন্দাৱস্থালৈ গতি কৰিলে ভাৰতবৰ্ষ। সোমবাৰে যি জিডিপিৰ তথ্য প্ৰকাশিত হৈছে, তাত দেখা গৈছে যে, ২৩.৯ শতাংশ নিম্নগামী হৈছে দেশৰ ডিজিপি। ১৯৯৬ চনৰ পিছত ত্ৰৈমাসিক জিডিপিৰ হিচাপত এয়া হৈছে আটাইতকৈ সৰ্বনিম্ন। কোৰোণা ভাইৰাছৰ সংক্ৰমণ আৰু ফলত বলৱত্‍ হোৱা ল’ক ডাউনৰ বাবে দেশৰ অৰ্থনীতি এতিয়া ভগ্নপ্ৰায় অৱস্থালৈ গতি কৰিছে।

The National Statistical Office (NSO)এ জনাইছে যে, ২০২০-২০২১ বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুনৰ সময়খিনিত আটাইতকৈ পতন হৈছে দেশৰ অৰ্থনীতি। ইয়াৰ আগত ত্ৰিমাসিকত গ্ৰোথ আছিল ৩.১ শতাংশ।

তথ্যৰ ভিত্তিত দেখা গৈছে যে, জি২০ দেশসমূহৰ ভিতৰত আটাইতকৈ বেয়া অৱস্থা ভাৰতৰ। ইয়াৰ পূৰ্বে ব্ৰিটেইনে ঘোষণা কৰিছিল যে, দেশখনত ২১ শতাংশ পতন হৈছে জিডিপি। যি আছিল সৰ্বনিম্ন। কিন্তু এই হাৰকো অতিক্ৰম কৰিলে ভাৰতে।ভাৰতত এতিয়াও কোৰোণাত আক্ৰান্তৰ সংখ্যা ৩৫ লাখৰ আশে-পাশে। এই পৰ্যন্ত মৃত্যু হৈছে ৬৪ হাজাৰৰো অধিক।

এতিয়া দেশৰ অৰ্থনীতি কিছু সুস্থিৰ কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে কি সিদ্ধান্ত লয় সেয়া হ’ব লক্ষণীয়।
Published by: Himangshu Bhuyan
First published: August 31, 2020, 8:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading