মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»দুৰ্গা পূজাই পশ্চিম বংগৰ অৰ্থনীতিত ৩২,৩৭৭কোটি টকাৰ সংযোজন ঘটায়, ২.৫৮ শতাংশৰ শ্ৰীবৃদ্ধি হয় ৰাজ্যৰ GDPত

দুৰ্গা পূজাই পশ্চিম বংগৰ অৰ্থনীতিত ৩২,৩৭৭কোটি টকাৰ সংযোজন ঘটায়, ২.৫৮ শতাংশৰ শ্ৰীবৃদ্ধি হয় ৰাজ্যৰ GDPত

News18 Assam | News18-Assam
Updated:October 10, 2021, 1:47 PM IST
দুৰ্গা পূজাই পশ্চিম বংগৰ অৰ্থনীতিত ৩২,৩৭৭কোটি টকাৰ সংযোজন ঘটায়, ২.৫৮ শতাংশৰ শ্ৰীবৃদ্ধি হয় ৰাজ্যৰ GDPত
আৰাধ্য দুৰ্গা দেৱীয়ে সংকট মোচন কৰাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নত বলিষ্ঠ অৱদান আগবঢ়ায়।

আৰাধ্য দুৰ্গা দেৱীয়ে সংকট মোচন কৰাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নত বলিষ্ঠ অৱদান আগবঢ়ায়।

  • Share this:
পশ্চিম বংগত দুৰ্গা পূজাৰে সংলগ্ন বিভিন্ন সৃজনশীল কৰ্মৰ অৰ্থনৈতিক মূল্যাংকন হৈছে ৩২,৩৭৭কোটি। দুৰ্গা পূজাই ৰাজ্যখনৰ Gross Demostic Productত ২.৫৮শতাংশ শ্ৰীবৃদ্ধি ঘটায়। ৰাজ্য চৰকাৰৰ অনুগ্ৰহত ব্ৰিটিছ কাউঞ্চিলে কৰা এক অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য। অৰ্থাত আৰাধ্য দুৰ্গা দেৱীয়ে সংকট মোচন কৰাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নত বলিষ্ঠ অৱদান আগবঢ়ায়।

বিভিন্ন সৃজনশীল কৰ্মৰ অৰ্থনৈতিক মূল্যাংকন সমূহ এনেধৰণৰ

খুচুৰা বিক্ৰী – ২৭,৩৬৪ কোটি

খাদ্য আৰু পানীয় – ২,৮৫৪ কোটি

সংস্থাপন, শোভাবৰ্ধন, কলা - ৮৬০ কোটি
বিজ্ঞাপন - ৫০৪ কোটি
বিত্তীয় পৃষ্ঠপোষকতা - ৩১৮ কোটি

মূৰ্তি সজ্জা - ২৮০ কোটি
আলোচনী প্ৰকাশ - ২৭০ কোটি
পোহৰ সজ্জা - ২০৫ কোটি

পশ্চিম বংগৰ পৰ্যটন বিভাগৰ অনুৰোধত আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান ব্ৰিটিছ কাউঞ্চিলে ২০১৯ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ২০২০ চনৰ জানুৱাৰী মাহলৈ চলাইছিল এই অধ্যয়ন। কিছুদিনৰ আগতে অধ্যয়ন কৰি পোৱা ফলাফল সমূহ প্ৰতিষ্ঠানটোৱে ৰাজহুৱা কৰিছে।

“Mapping the Creative Economy Around Durga Puja” শীৰ্ষক প্ৰতিবেদনটোত উল্লেখ কৰা মতে আটকধুনীয়া পেণ্ডেল দিয়াৰ প্ৰক্ৰিয়াটোৰে অৰ্থনৈতিক মূল্যাংকনেই ৮৬০কোটি টকা। ইয়াৰ ১৫ শতাংশ আহে কলকাতা মহানগৰৰ পৰা। মূৰ্তি নিৰ্মাণৰ অৰ্থনৈতিক মূল্য ২৮০ কোটি; ইয়াৰ ১২০ কোটি টকাৰ অংশীদাৰ কলকাতা। লগতে উৎসৱৰ সময়ত বাছ যাত্রীৰ ১২০ শতাংশ বৃদ্ধি আৰু ৰে’ল তথা বিমান যাত্ৰীৰ ১১ শতাংশ বৃদ্ধি হয় বুলিও প্ৰতিবেদনত সদৰী কৰা হৈছে।

উক্ত অধ্যয়ন সম্পৰ্কে মন্তব্য কৰি British Council of Indiaৰ সঞ্চালক বাৰবাৰা ৱিকহামে কয় – ভাৰতবৰ্ষত প্রথমবাৰৰ বাবে এনে গৱেষণা কাৰ্য হাতত লোৱা হৈছে। মুক্ত লভ্য পৰিস্থিতিৰ গুণগত আৰু পৰিমাণগত বিশ্লেষণৰে এই গৱেষণা সম্পন্ন কৰা হৈছে।

আনহাতে পশ্চিম বংগৰ পৰ্যটন বিভাগৰ প্ৰধান সচিব নন্দিনী চক্ৰৱৰ্তীৰ মতে এক সপ্তাহৰ এই উৎসৱ একাংশৰ বছৰ জোৰা জীৱিকাৰ উৎস। উল্লেখযোগ্য যে এই অধ্যয়ন Covid মহামাৰীৰ পূৰ্বে কৰা হৈছিল। গতিকে অনুৰূপ প্ৰক্ৰিয়াৰে এই কাৰ্য পুনৰ সম্পন্ন কৰিলে মহামাৰীৰ উৎসৱ অৰ্থনীতিত কুপ্ৰভাৱৰ এক সম্যক ধাৰণা পোৱা যাব বুলি চিন্তাবিদসকলে ক’ব খোজে।
Published by: Sanjay Kumar Das
First published: October 10, 2021, 1:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি