உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • The English Coolie man: নাই ডিগ্ৰী, নাই কোনো স্পোকেন ইংৰাজীৰ কোৰ্ছ, ৭০ বছৰ বয়সত তুফানী ইংৰাজী কয় এইজন কুলীয়ে

    The English Coolie man: নাই ডিগ্ৰী, নাই কোনো স্পোকেন ইংৰাজীৰ কোৰ্ছ, ৭০ বছৰ বয়সত তুফানী ইংৰাজী কয় এইজন কুলীয়ে

    শিৱ কুমাৰ গুপ্তা (Shiv Kumar Gupta)ই কয় যে মই কোনো ডিগ্ৰী বা শিক্ষা লোৱা নাই, কওঁতে কওঁতে ইংৰাজী ক'ব পৰা হৈ গ'লো। শিৱ কুমাৰ গয়াৰ ইংৰাজ কুলী মেন (Gaya English Coolie man) বুলি বিখ্যাত ।

    • Share this:
    কোৱা হয় যে প্ৰতিভা কোনো বয়সৰ অধীন নহয়। যেতিয়া কিবা এটা শিকাৰ আকাংক্ষা হয় আৰু মন দৃঢ় হয় তেতিয়া মানুহে বিচৰা সকলো বস্তুৱেই আহৰণ কৰিব পাৰি। এনে এক প্ৰশংনীয় কাম কৰিছে বিহাৰৰ গয়া জংচনত কুলী হিচাপে কাম কৰা ৭০ বছৰীয়া শিৱ কুমাৰ গুপ্তাই। শিৱ কুমাৰ গুপ্তাই যিধৰণে সাৱলীল ইংৰাজী কয় মানুহে তেওঁক গয়াৰ ইংৰাজ কুলী মেন (Gaya English Coolie man) বুলি মাতিবলৈ আৰম্ভ কৰিছে। পিছে গুৰুত্বপূৰ্ণ কথাটো হ'ল শিৱ কুমাৰৰ নই কোনো শিক্ষা বা কোনো ডিগ্ৰী, স্পোকেন ইংৰাজীৰো কোনো প্ৰশিক্ষণ লোৱা নাই তেওঁ। ইমানৰ পিছতো য ধৰণে সলসলীয়াকৈ ইংৰাজী কৈ সকলোকে আচৰিত কৰি তুলিছে।

    হাতত ইংৰাজী বাতৰি কাকত, মুখত তুফানী ইংলিছ আৰু কাম কৰে কুলীৰ। কিন্তু অন্য কুলীৰ সৈতে শিৱ কুমাৰ গুপ্তাৰ আছে পাৰ্থক্য। যি সময়ত অন্য কুলীবোৰে ভালকৈ হিন্দীও ক'ব নোৱাৰে সেই সময়ত শিৱ কুমাৰে নিসংকোচে ইংৰাজী কৈ ফুৰে। ইয়াৰ ফলত ষ্টেচনৰ ১২১জন কুলীৰো হৈছে লাভ।

    যেতিয়াই ষ্টেচনত কোনো বিদেশী যাত্ৰী আহে তেতিয়াই শিৱ কুমাাৰ তেওঁলোকৰ বাবে হৈ পৰে অতি সহায়ক। শিৱ কুমাৰেও তেওঁলোকক প্ৰয়োজন অনুসৰি সৰি দিয়ে সকলো সহায়। কেৱল ইংৰাজী জনাটোৱেই শিৱকুমাৰৰ গুণ নহয়, শিৱ কুমাৰৰ আচৰণেও লাভ কৰিছে বিশেষ চৰ্চা। শিৱ কুমাৰৰ মতে যিসকল যাত্ৰীৰ বাবে আমি খাবলৈ-পিন্ধিবলৈ পাওঁ, তেওঁলোকক ভালদৰে ব্যৱহাৰ কৰাটো আমাৰ কৰ্তব্য। শিৱ কুমাৰৰ এনে আচৰণৰ বাবেই কোনো দিনে নিবিচৰকাই বহু লোকে তেওঁক দি গৈছে উপহাৰ বা অতিৰিক্ত ধন। তেওঁক মানুহে ইলীছ কুলী বুলি মাতে সেই কথাটোতো আনন্জিক শিৱকুমাৰ।

    শিৱ কুমাৰে কয় যে মই কোনো ডিগ্ৰী বা শিক্ষা লোৱা নাই, কিন্তু কওঁতে কওঁতে ইংৰাজী ক'ব পৰা হৈ গ'লো। শিৱ কুমাৰৰ ইংৰাজী জ্ঞানৰ বাবে অন্য কুলী সকলো হৈছে উপকৃত।
    Published by:Manjumoni Borah
    First published: