তীব্ৰ সমালোচনাৰ পৰা পৰিত্ৰাণ পাবলৈ সমকামিৰ আত্মহত্যা, লিখিলে– ভাৰতত কোনো লোকক সমকামি নবনাব ঈশ্বৰ

মুম্বাইৰ বাসিন্দা অভিঞ্চু পাটেলে ছচিয়েল মিডিয়াত ১৭৫০টা শব্দৰ ছুইচাইড নোট লিখিলে। অভিঞ্চুই লিখিলে যে, মই ঈশ্বৰক সুধিম যে মোক কিয় এনে ৰূপ দিলে, ভাৰতত সমকামি জন্ম নিদিব।

news18assam
Updated:July 10, 2019, 3:26 PM IST
তীব্ৰ সমালোচনাৰ পৰা পৰিত্ৰাণ পাবলৈ সমকামিৰ আত্মহত্যা, লিখিলে– ভাৰতত কোনো লোকক সমকামি নবনাব ঈশ্বৰ
মুম্বাইৰ বাসিন্দা অভিঞ্চু পাটেলে ছচিয়েল মিডিয়াত ১৭৫০টা শব্দৰ ছুইচাইড নোট লিখিলে। অভিঞ্চুই লিখিলে যে, মই ঈশ্বৰক সুধিম যে মোক কিয় এনে ৰূপ দিলে, ভাৰতত সমকামি জন্ম নিদিব।
news18assam
Updated: July 10, 2019, 3:26 PM IST
মুম্বাইৰ অভিঞ্চু পাটেলে সমাজৰ কটু মন্তব্যৰ পৰা পৰিত্ৰাণ পাবলৈ আত্মহত্যাৰ দৰে চৰম পছ বাছি লয়। তেওঁ ছুইচাইডনোটত লিখিলে যে তাৰ বিৰুদ্ধে সকলোৱে সমালোচনা কৰে, মানসিক আৰু শাৰীৰিকভাৱে অপদস্থও কৰে। যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে। অভিঞ্চুই লিখিলে যে তেওঁৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়। ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে এখন দীঘলীয়া ছুইচাইড নোট লিখিলে।

সাগৰৰ তীৰত উদ্ধাৰ মৃতদেহ
৩ জুলাইত চেন্নাইৰ নীলনকাৰাইৰ সাগৰৰ তীৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি যুৱকজনৰ নাম অভিঞ্চু পাটেল। যুৱকজনৰ বয়স প্ৰায় ২০ বছৰ। চেন্নাইৰ এখন স্পাত কৰ্মৰত আছিল যুৱকজন। আৰক্ষীয়ে জনোৱা অনুসৰি অভিঞ্চুৱে সাগৰত জাঁপ মাৰি আত্মহত্যা কৰে। আৰক্ষীৰ মতে অভিঞ্চুৰ বন্ধুক সোধাপোছাৰ কৰাৰ অন্তত আৰু যুৱকজনে ছুইচাইড কৰাৰ পূৰ্বে ফেচবুকত ছুইচাইড নোটত স্পষ্টভাৱে প্ৰকাশ পাই যে অভিঞ্চু সমকামি। যাৰ বাবে সি মানসিকভাৱে ভাগৰি পৰিছিল।



১৭৫০ শব্দৰ ছুইচাইড নোট
অভিঞ্চুই ছচিয়েল মিডিয়াত ১৭৫০টা শব্দৰ ছুইচাইড নোট লিখিলে। নোটখনত যুৱকজনে কেইবাটাও গুৰুত্বপূৰ্ণ কথা লিখে। তেওঁ লিখিলে, ‘মোৰ শৰীৰ ল’ৰাৰ। কিন্তু মই ছোৱালীৰ দৰে খোজ কাঢ়ো। ছোৱালীৰ দৰে কথা কওঁ। ছোৱালীৰ দৰে মোৰ আচৰণ–ব্যৱহাৰ। সকলোৱে মোক ঘূৰি ঘূৰি চাই। মই বহুবাৰ চেষ্টা কৰিলো এনেকুৱা নকৰিবলৈ কিন্তু এয়া প্ৰাকৃতিক আৰু স্বাভাৱিক। মোৰ ইয়াত কি ভুল যে মই সমকামি।’



পৰিয়ালৰ লোকে বলপূৰ্বকভাৱে বিয়া কৰাই দিছিল
অভিঞ্চুৰ বন্ধু আৰু তেওঁৰ ছুইচাইড নোটৰ পৰা গম পোৱা গ’ল যে কিছুদিন পূৰ্বে তাৰ বিয়া বলপূৰ্বকভাৱে কৰাই দিয়া হৈছিল। অভিঞ্চুই ক’লে মোৰ জীৱনসংগীয়ে মোক ভুল বুলি ভাৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি