‘ছুপাৰ ৩০’ৰ আনন্দ কুমাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চমন, ২৬ নৱেম্বৰত হাজিৰ হোৱাৰ নিৰ্দেশ

News18-Assam
Updated:November 21, 2019, 1:07 PM IST
‘ছুপাৰ ৩০’ৰ আনন্দ কুমাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চমন, ২৬ নৱেম্বৰত হাজিৰ হোৱাৰ নিৰ্দেশ
বিহাৰৰ পূৰ্বৰ আৰক্ষী সঞ্চালক প্ৰধান অভয়ানন্দৰে মিলি কুমাৰে খুলিছিল ‘ছুপাৰ ৩০’ ক’চিং চেণ্টাৰ।

বিহাৰৰ পূৰ্বৰ আৰক্ষী সঞ্চালক প্ৰধান অভয়ানন্দৰে মিলি কুমাৰে খুলিছিল ‘ছুপাৰ ৩০’ ক’চিং চেণ্টাৰ।

  • Share this:
‘ছুপাৰ ৩০’ৰ আনন্দ কুমাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চমন। উত্তৰ–পূবৰ ছাত্ৰ–ছাত্ৰীক IIT ক’চিঙৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল IIT গুৱাহাটীৰ ছাত্ৰই।

পাটনাৰ ‘ছুপাৰ ৩০’খ্যাত আনন্দ কুমাৰ বিৰূদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছে প্ৰৱঞ্চনাৰ গোচৰ। আনন্দ কুমাৰে তেওঁৰ কাষ চপা উত্তৰ–পূবৰ IIT প্ৰত্যাশী ছাত্ৰ–ছাত্ৰীক ‘ছুপাৰ ৩০’ৰ নামত পাটনাস্থিত ৰামানুজন স্কুল অৱ মেথামেটিকছ নামৰ আন এখন প্ৰতিষ্ঠানত প্ৰৱঞ্চনাৰে নামভৰ্তি কৰোৱাই বিনিময়ত লৈছিল ৩৩ হেজাৰকৈ টকা। ছাত্ৰ–ছাত্ৰীসকলক পাঠদান কৰাৰ প্ৰতিশ্ৰুতি দি কোনো দিনেই প্ৰতিষ্ঠানলৈ নহাৰ অভিযোগ কুমাৰৰ বিৰুদ্ধে।

এই গুৰুতৰ অভিযোগ উত্থাপন কৰি অধিবক্তা অমিত গোৱেলৰ যোগেদি আদালতত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছে IIT গুৱাহাটীৰ ছাত্ৰই।

২০১৮ চনত আনন্দে ‘ছুপাৰ ৩০’ৰ ৩০ জন ছাত্র–ছাত্ৰীৰ ২৬ জনেই IITৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি কৰা দাবীও মিছা বুলি উল্লেখ কৰা হৈছে PILখনত। আন আন ক’চিং চেণ্টাৰত প্ৰৱেশ পৰীক্ষাত সফল হোৱা ছাত্ৰ–ছাত্ৰীক একত্ৰিত কৰি ‘ছুপাৰ ৩০’ৰ ছাত্ৰ বুলি আনন্দে সংবাদ মাধ্যমৰ সন্মুখত দাবী কৰে বুলিও গুৰুতৰ অভিযোগ আনিছে IIT গুৱাহাটীৰ ছাত্ৰকেইজনে। আনন্দৰ গণিতৰ ওপৰত যথোচিত দখল নোহোৱাৰো অভিযোগ উত্থাপন হৈছে।

যোৱা ১৯ নৱেম্বৰত PILখনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ অচিন্ত মল্ল বুজৰবৰুৱাই আনন্দক নৱেম্বৰৰ ২৬ তাৰিখে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। অন্যথা আনন্দৰ বিৰূদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হ’ব বুলিও নিৰ্দেশ দিয়া হয়। আনন্দৰ বিৰূদ্ধে PIL দাখিল কৰা IIT গুৱাহাটীৰ ছাত্ৰকেইজন হৈছে অবিনাস বড়ো, বিকাশ দাস, মনজিৎ দলে আৰু ধনীৰাম তাও।

বিহাৰৰ পূৰ্বৰ আৰক্ষী সঞ্চালক প্ৰধান অভয়ানন্দৰে মিলি কুমাৰে খুলিছিল ‘ছুপাৰ ৩০’ ক’চিং চেণ্টাৰ। কিন্তু ২০০৮ চনতে অভয়ানন্দ আঁতৰি আহিছিল। কুমাৰৰ কাম–কাজত অসন্তুষ্ট হৈ আঁতৰি আহিছিল অভয়ানন্দ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি