অন্ধ্ৰ প্ৰদেশৰ অচুতাপুৰমৰ এটা কোম্পানীত গেছ নিৰ্গমন হোৱাৰ ফলত ৫০গৰাকীৰো অধিক মহিলা অসুস্থ হৈ পৰে। অসুস্থ আটাইকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। গেছ নিৰ্গমনৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। জানিব পৰা মতে, এটা কাপোৰৰ কোম্পানীত সংঘটিত হয় এই বিষাক্ত গেছ নিৰ্গমনৰ ঘটনা।
কোম্পানীটোৰ ভিতৰত থকা সকলো লোকক বাহিৰলৈ উলিয়াই অনা হৈছে। গেছ নিৰ্গমনৰ ফলত বহু কেইগৰাকী মহিলাৰ বমি, শ্বাস প্ৰশ্বাস লোৱাত কষ্ট আদি সমস্যাৰ সৃষ্টি হোৱাৰ পিছতেই কোম্পানীটোত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।
ইতিমধ্যে, অন্ধ্ৰ প্ৰদেশৰ উদ্যোগ মন্ত্ৰীয়ে সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে আহতসকলৰ উন্নত চিকিৎসাৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, ৩ জুনটো অচুতাপুৰমৰ এছইজেডত অনুৰূপ ঘটনা সংঘটিত হৈছিল যাৰ ফলত ২০০ৰো অধিক মহিলা কৰ্মচাৰী অসুস্থ হৈছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|