গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ১০জনৰ মৃত্যু, ১২জন আহত

মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। দুৰ্ঘটনাৰ সময়ত ঘৰটোত আছিল প্ৰায় দুই ডজন লোক।

News18-Assam
Updated:October 14, 2019, 9:44 AM IST
গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ১০জনৰ মৃত্যু, ১২জন আহত
মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। দুৰ্ঘটনাৰ সময়ত ঘৰটোত আছিল প্ৰায় দুই ডজন লোক।
News18-Assam
Updated: October 14, 2019, 9:44 AM IST
উত্তৰ প্ৰদেশৰ মহম্মদবাদ কোটৱালী অঞ্চলৰ ৱলীদপুৰ গাঁৱত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি এটা দুমহলীয়া ঘৰ ধ্বংস হৈ যায়। এই ঘটনাত ১০জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২জনৰ গুৰুতৰভাৱে আহত হয়। আহতসকলৰ বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে।

আৰক্ষীৰ মতে, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। দুৰ্ঘটনাৰ সময়ত ঘৰটোত আছিল প্ৰায় দুই ডজন লোক। উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

পুৱা প্ৰায় ৭.৩০ বজাত সংঘটিত হয় এই ঘটনাটো। চিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ ফলত ঘৰটো জুয়ে আৱৰি ধৰে। তাৰ পিছতে খহি পৰে ঘৰটো। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰশাসনক ঘটনাস্থলীলৈ গৈ উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰাৰ নিৰ্দেশ দিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি