মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰই ডুবেৰ গ্ৰেপ্তাৰৰ খবৰ আনুষ্ঠানিকভাৱে সদৰী কৰি এইয়া মধ্য প্ৰদেশ আৰক্ষী বৃহৎ সফলতা বুলি অভিহিত কৰে। মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰই ডুবেৰ গ্ৰেপ্তাৰৰ খবৰ আনুষ্ঠানিকভাৱে সদৰী কৰি এইয়া মধ্য প্ৰদেশ আৰক্ষী বৃহৎ সফলতা বুলি অভিহিত কৰে। প্ৰায় এক সপ্তাহ আৰক্ষীৰ চকুত ধূলি দিয়াৰ পিছত মধ্য প্ৰদেশৰ উজ্জয়ীনৰ মহাকাল মন্দিৰৰ সমীপৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কাণপুৰৰ কুখ্যাত গেংষ্টাৰ বিকাশ ডুবেক। ২ জুলাইৰ নিশা কাণপুৰৰ বিকৰো নামৰ গাঁওখনত আৰক্ষীৰ দল এটাক এম্বুশ্ব কৰি ৮জন আৰক্ষীৰ লোকক হত্যা কৰি পলাই আছিল ডুবে। ডুবেৰ ঘনিষ্ঠ অমৰ ডুবেক ইতিমধ্যে বুধবাৰে এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে। বুধবাৰে ফৰিবাদৰ এখন হোটেলত মাস্ক পৰিধান কৰা এজন লোকক আৰক্ষীয়ে ডুবে বুলি সন্দেহ কৰিছিল, কিন্তু আৰক্ষী ঘটনাস্থলী পোৱাৰ আগতেই মাস্কধাৰী লোকজনে পলায়ন কৰিছিল।
মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰই ডুবেৰ গ্ৰেপ্তাৰৰ খবৰ আনুষ্ঠানিকভাৱে সদৰী কৰি এইয়া মধ্য প্ৰদেশ আৰক্ষী বৃহৎ সফলতা বুলি অভিহিত কৰে। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে বিকাশৰ সন্ধান দিব পৰা জনক ৫ লাখ টকা পুৰস্কাৰ ঘোষণা কৰিছিল।
আনহাতে বৃহস্পতিবাৰে মুখামুখি সংঘৰ্ষত আৰক্ষীৰ হাতত বিকাশৰ আন দুজন সহযোগীৰ মৃত্যু হৈছে। তাৰে এজন ৰণবীৰ আৰু আনজন প্ৰভাত মিশ্ৰ বুলি চিনাক্ত হৈছে। উত্তৰ প্ৰদেশত মুখামুখি সংঘর্ষত ৰণবীৰৰ মৃত্যু হোৱাৰ বিপৰীতে ফৰিদাবাদত মৃত্যু হৈছে প্ৰভাত মিশ্ৰৰ।
গেংষ্টাৰ বিকাশ ডুবেই মহাকাল মন্দিৰত গোপনে আশ্ৰয় লৈ থাকোতে মন্দিৰ পৰিসৰত ফটো উঠিছিল। আনকি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ আগ মুহূৰ্ততো মোবাইলত নিজৰ ফটো লৈছিল ডুবেই – আৰক্ষীৰ সূত্ৰত প্ৰকাশ। আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গাড়ীত উঠোৱা ভিডিঅ’তো ডুবেই উচ্চস্বৰত নিজৰ পৰিচয় জাহিৰ কৰা দেখা পোৱা গৈছে।
Published by: Sanjay Kumar Das
First published: July 09, 2020, 12:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|