নাবালিকাৰ সৈতে প্ৰথমে দলবদ্ধ বলাৎকাৰ, তাৰ পিছত পাশৱিক অত্যাচাৰ

ভুক্তভোগী কিশোৰীগৰাকীয়ে তিনিজনৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ উত্থাপন কৰিছে।

News18-Assam
Updated:August 11, 2019, 8:18 AM IST
নাবালিকাৰ সৈতে প্ৰথমে দলবদ্ধ বলাৎকাৰ, তাৰ পিছত পাশৱিক অত্যাচাৰ
ভুক্তভোগী কিশোৰীগৰাকীয়ে তিনিজনৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ উত্থাপন কৰিছে।
News18-Assam
Updated: August 11, 2019, 8:18 AM IST
বিহাৰৰ চাপ্ৰা জিলাত সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী নাবালিকাক দলবদ্ধ বলাৎকাৰৰ পিছত পাশৱিক অত্যাচাৰ চলালে লম্পটৰ দলে। বলাৎকাৰৰ পিছত নাবালিকাগৰাকীৰ গোপন অংগত লোহাৰ ৰডেৰে আঘাত কৰে লম্পটৰ দলটোৱে। গুৰুতৰভাৱে আহত নাবালিকাগৰাকী বৰ্তমান চিকিৎসাধীন।

অভিযুক্তকেইজনৰ এজন নাবালিকাগৰাকীৰ চিনাকি আছিল, যিজনে ফুচুলাই নাবালিকাগৰাকীক এটা কোঠালৈ লৈ গৈছিল। কোঠাৰ ভিতৰত কিশোৰীগৰাকীক দলবদ্ধ বলাৎকাৰ কৰে লম্পটৰ এটা দলে। আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, ভুক্তভোগী কিশোৰীগৰাকীয়ে তিনিজনৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ উত্থাপন কৰিছে। তাৰ ভিতৰত এজনক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ পিছত যেতিয়া তেজেৰে লুটুৰি–পুতুৰি হৈ কিশোৰীগৰাকী ঘৰত উপস্থিত হৈছিল, ঘৰৰ মানুহে কোনো উৱাদিহ পোৱা নাছিল। ততাতৈয়াকৈ কিশোৰীগৰাকীক সদৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। পিছত পৰিয়ালৰ আগত সমগ্ৰ ঘটনা বিৱৰি কয় কিশোৰীগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি