মুখ্যপৃষ্ঠা »খবৰ »দেশ »গংগা বিলাসঃ বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ অহা ১৩ জানুৱাৰীত আৰম্ভ হ'ব বিশ্বৰ আটাইতকৈ দীঘলীয়া ক্ৰুজ যাত্ৰা

গংগা বিলাসঃ বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ অহা ১৩ জানুৱাৰীত আৰম্ভ হ'ব বিশ্বৰ আটাইতকৈ দীঘলীয়া ক্ৰুজ যাত্ৰা

বিশ্বৰ আটাইতকৈ দীঘলীয়া ক্ৰুজ ভ্ৰমণ 'গংগা বিলাস' অহা ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিব।

বিশ্বৰ আটাইতকৈ দীঘলীয়া ক্ৰুজ ভ্ৰমণ 'গংগা বিলাস' অহা ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিব।

এই জাহাজখন সুন্দৰবন বদ্বীপ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ মাজেৰেও পাৰ হ’ব। মুঠ ৩২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছত এই ক্ৰুজে বিশ্বৰ আটাইতকৈ দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিব।

  • Share this:
উত্তৰ প্ৰদেশৰ তথ্য আৰু জনসংযোগ বিভাগে বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি বিশ্বৰ আটাইতকৈ দীঘলীয়া ক্ৰুজ ভ্ৰমণ 'গংগা বিলাস' অহা ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিব। উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড়লৈ ভ্ৰমণ কৰিব এই ক্ৰুজ।

যদিও প্ৰশাসনে এতিয়াও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মোদীৰ কোনো আনুষ্ঠানিক কাৰ্যসূচী লাভ কৰা নাই, তথাপিও এই কাৰ্যসূচীৰ প্ৰস্তুতি অব্যাহত আছে বুলি জিলা কৰ্তৃপক্ষই জনায়।

বাৰাণসীৰ সংমণ্ডল আয়ুক্ত কৌশল ৰাজ শৰ্মা আৰু জিলা দণ্ডাধীশ এছ ৰাজলিংগমে এই সন্দৰ্ভত সংস্কৃতি বিভাগ, পৰ্যটন বিভাগ আৰু আভ্যন্তৰীণ জলপথ পৰিবহণৰ বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰিছে।

অভিলাষী ক্ৰুজৰ বিষয়ে আপুনি জানিবলগীয়া সবিশেষঃ

  • গংগা বিলাস ক্ৰুজ ভাৰতৰ দুখন বৃহৎ নদী-গংগা আৰু ব্ৰহ্মপুত্ৰত যাত্ৰা কৰিব।

  • বাৰাণসীৰ পৰা ওলাই অহাৰ পিছত এই ক্ৰুজখন গাজীপুৰ, বাক্সাৰ আৰু পাটনাৰ মাজেৰে পাৰ হৈ কলকাতালৈ যাব।

  • এই ক্ৰুজ বাংলাদেশৰ নদীত পষেক সময় থাকিব আৰু তাৰ পিছত গুৱাহাটী হৈ ভাৰতলৈ উভতি আহি ডিব্ৰুগড়ত উপস্থিত হ’ব।

  • এই জাহাজখন সুন্দৰবন বদ্বীপ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ মাজেৰেও পাৰ হ’ব।

  • মুঠ ৩২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছত এই ক্ৰুজে বিশ্বৰ আটাইতকৈ দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিব।

  • বৃহস্পতিবাৰে শৰ্মাই কয় যে বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ বিশ্বৰ আটাইতকৈ দীঘলীয়া ক্ৰুজ ১৩ জানুৱাৰীত ফ্লেগ অফ কৰা হ’ব।

  • ৰবিদাস ঘাটৰ বিপৰীতে থকা জেটি বৰ্ডিং পইণ্টৰ পৰা ফ্লেগ অফ কৰা হ’ব এই ক্ৰুজ।

  • এই ক্ৰুজত ১৮টা ছুটৰ সৈতে ৮০জন যাত্ৰীৰ ক্ষমতা থাকিব।

  • এই যাত্ৰাত মুঠ ৫০ দিন লাগিব, আৰু ক্ৰুজখন বাটত বিশ্ব ঐতিহ্য ক্ষেত্ৰকে ধৰি ৫০ টাতকৈও অধিক ঠাইত ৰৈ যাব।


ক্ৰুজ শুভাৰম্ভৰ বাবে ৰাইজে আগ্ৰহেৰে অপেক্ষা কৰি আছে আৰু মোদী চৰকাৰে কৰা প্ৰচেষ্টাক প্ৰশংসা কৰিছে। বাৰাণসীৰ বাসিন্দা সুনীল উপাধ্যায়ৰ উদ্ধৃতি দি সংবাদ সংস্থা এএনআই-এ কয় যে, ‘গংগা বিলাস ক্ৰুজত বিদেশী নাগৰিক থাকিব আৰু ই বিশ্ববাসীলৈ ভাৰতৰ পৰ্যটনৰ ওপৰত এক বাৰ্তা প্ৰেৰণ কৰিব আৰু এই ক্ৰুজে পৰ্যটকক আকৰ্ষণ কৰাত অতি সহায়ক হ’ব।

"পৰ্যটন খণ্ডত ইতিহাসৰ সৃষ্টি হৈছে। এইটোৱেই হৈছে পৃথিৱীৰ আটাইতকৈ দীঘলীয়া জল যাত্ৰা। পূৰ্বৰ চৰকাৰসমূহে জল পৰিবহণ খণ্ডক বিশেষ গুৰুত্ব দিয়া নাছিল। গংগা বিলাসে সমগ্ৰ বিশ্বলৈ ঐক্য আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ বাৰ্তা প্ৰেৰণ কৰিব।"-বুলি কয় আন এজন স্থানীয় অৰবিন্দ মিশ্ৰই।

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সমষ্টিৰ পৰা সাংসদ হোৱাৰ পিছৰে পৰা বাৰাণসীৰ সমগ্ৰ ছবিখন সলনি কৰি দিছে। বাৰাণসীত পৰ্যটন এক বৃহৎ উদ্যোগ হিচাপে গঢ় লৈ উঠিছে।"- বুলিও কয় আন এজন বাসিন্দা কৌশল পাণ্ডেই।

শেহতীয়া বাতৰি