‘এবছৰতকৈ বেছি দিন নিটিকে জ’ বাইডেন’-আমেৰিকাৰ ৰাষ্ট্ৰপতিক ‘গজনী’ৰ সৈতে তুলনা কংগনা ৰানাৱটৰ

News18 Assam | News18-Assam
Updated:November 8, 2020, 10:29 PM IST
‘এবছৰতকৈ বেছি দিন নিটিকে জ’ বাইডেন’-আমেৰিকাৰ ৰাষ্ট্ৰপতিক ‘গজনী’ৰ সৈতে তুলনা কংগনা ৰানাৱটৰ
বিতৰ্কত থাকি ভালপোৱা অভিনেত্ৰী কংগনা ৰানাৱটে এইবাৰ আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সন্দৰ্ভত কৰিলে মন্তব্য

বিতৰ্কত থাকি ভালপোৱা অভিনেত্ৰী কংগনা ৰানাৱটে এইবাৰ আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সন্দৰ্ভত কৰিলে মন্তব্য

  • Share this:
আকৌ বিতৰ্ক সৃষ্টিৰ চেষ্টা অভিনেত্ৰী কংগনা ৰানাৱটৰ। দেশৰ ৰাজনীতিৰ সীমা পাৰ কৰি এইবাৰ কংগনাই তাচ্ছিল্য কৰিলে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনক। আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতিক আমীৰ খান অভিনীত ছবি ‘গজনী’ৰ সৈতে তুলনা কৰিলে অভিনেত্ৰীগৰাকীয়ে।

প্ৰায় ৯০ ঘণ্টাৰ অপেক্ষাৰ অন্তত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল জ’ বাইডেন। জ’ বাইডেনৰ বৰ্তমান বয়স ৭৭। দেশখনৰ ইতিহাসত তেওঁৱেই আটাইতকৈ বয়সীয়াল ৰাষ্ট্ৰপতি। আনহাত আমেৰিকাৰ প্ৰথম মহিলা ভাইচ প্ৰেচিডেণ্ট হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে কমলা হেৰিছে।

বাইডেন- কমলাক এতিয়া বিভিন্ন জনে জনাইছে শুভেচ্ছা। বৰাক ওবামাৰ পৰা বৰীছ জনচন, প্ৰধানমন্ত্ৰী মোদীৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৈকে সকলোৱে জনাইছে শুভেচ্ছা। কিন্তু তাৰ মাজতে অভিনেত্ৰী কংগনা ৰানাৱটে তাচ্ছিল্য সূচক টুইট কৰিলে জ’ বাইডেনকলৈ।




মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনক উদ্দেশ্যি কংগনাই কয় যে, ‘গজনী বাইডেনৰ বিষয়ে আমি নিশ্চিত হ’ব পৰা নাই। কাৰণ তেওঁ পাঁচ মিনিটৰ মূৰেমূৰে সকলো পাহৰি যায়। তেওঁক এতিয়া ঔষধ দিয়া হৈছে, কিন্তু এবছৰতকৈ বেছি দিন নিটিকে। কমলা হাৰিছে কামকাজ চলাব। এগৰাকী মহিলাৰ উত্থান হ’লে, তেওঁ সকলো মহিলাকে পথ দেখুৱায়। এয়া ঐতিহাসিক দিন।’
Published by: Himangshu Bhuyan
First published: November 8, 2020, 10:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি