• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘আঠবাৰকৈ সহায় বিচৰাৰ পিছতো আমাজনে কোনো সঁহাৰি নিদিলে’, ফিউচাৰ গ্ৰুপৰ প্ৰতিষ্ঠাপক কিশোৰ বিয়ানীৰ ক্ষোভ

‘আঠবাৰকৈ সহায় বিচৰাৰ পিছতো আমাজনে কোনো সঁহাৰি নিদিলে’, ফিউচাৰ গ্ৰুপৰ প্ৰতিষ্ঠাপক কিশোৰ বিয়ানীৰ ক্ষোভ

  • Share this:
মুম্বাই আৰু নতুন দিল্লী: যেতিয়া প্ৰয়োজন হৈছিল তেতিয়া আমাজনে ফিউচাৰ গ্ৰুপক একেবাৰে সহায় নকৰিলে। এক সাক্ষাৎকাৰত ফিউচাৰ গ্ৰুপৰ প্ৰতিষ্ঠাপক কিশোৰ বিয়ানীয়ে এই ক্ষোভ প্ৰকাশ কৰে। ৰিলায়েন্স ৰিটেইলৰ দ্বাৰা ভাৰতীয় ৰিটেইলাৰৰ স্বৰ্ত আহৰণক ‘ৰক্ষাকৰণ’ আখ্যা দি ফিউচাৰ গ্ৰুপৰ প্ৰতিষ্ঠাপক গৰাকীয়ে কয় যে এতিয়া আমেৰিকাৰ কোম্পানীটোৱে এই প্ৰক্ৰিয়াত হেঙাৰ হৈ থিয় দিছে।
বিয়ানীয়ে কয় যে তেওঁ আৰ্থিক সমস্যাৰ কথা আঠবাৰকৈ ছিয়াটল স্থিত আমেৰিকাৰ কোম্পানীটোক জনাইছিল কিন্তু তেওঁলোকে কোনো ধৰণৰ সহায় নকৰিলে। আনকি লেণ্ডাৰসকলে শ্বেয়াৰ এৰি দিয়াৰ সময়তো ফিউচাৰ গ্ৰুপৰ সমস্যাৰ প্ৰতি কাণষাৰেই নিদিলে আমাজনে।


উল্লেখ্য যে, ফিউচাৰ গ্ৰুপ আৰু আমাজনৰ মাজত আইনী বিবাদ চলি আছে। চুক্তি ভংগৰ অভিযোগেৰে ফিউচাৰ গ্ৰুপৰ ওপৰত জৰুৰীকালীন আইনী মোকৰ্দমা তৰিছিল আমেৰিকাৰ অনলাইন ৰিটেইল গোটটোৱে। Covid-19 সংকটৰ মাজত বিয়ানীয়েে নিজৰ চেইনৰ ৰিটেইল ষ্ট’ৰ, ৱেৰহাউছ আৰু ব্যৱসায়িক গোট ৰিলায়েন্স ৰিটেইল ভেন্সাৰক যোৱা বছৰ ২৪,৭১৩ কোটি টকাত বিক্ৰী কৰিছিল।


বিয়ানীৰ মতে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ মালিকানাধীন ৰিলায়েন্স ৰিটেইলে দুঃসময়ত ‘ৰক্ষক’ৰ ভূমিকা লৈ কাষ চাপিছিল।


সম্পদ বিক্ৰী কৰাটোক অপৰিহাৰ্য বেইলআউট ডীল আখ্যা দি ফিউচাৰ গ্ৰুপৰ প্ৰতিষ্ঠাপকজনে কয় যে, আমাজনে কোম্পানীটোৱে যাতনা পোৱাটো বিচাৰে। জেফ বেজ’চ মালিকানাধীন আমাজনে এতিয়া ৰিলায়েন্স ৰিটেইলৰ সৈতে হোৱা চুক্তি হস্তক্ষেপ কৰি হাৰাশাস্তি কৰিছে গ্ৰুপক।

ইকন’মিকছ টাইমছৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাত্‍কাৰত বিয়ানীয়ে কয় যে, ‘আমি তেওঁলোকক ৪ৰ পৰা ৫জন বিনোয়োগকাৰীক দেখুৱালো কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিলে আমাক উদ্ধাৰ কৰাত। কেৱল মুখেৰে কৈ থাকিলেই নহ’ব। তেওঁলোকৰ অভিপ্ৰায় কি? তেওঁলোকে আমাৰ সকলো কৰ্মচাৰী, যোগানধৰোতা, ভেণ্ডৰ আৰু লেণ্ডাৰসকলে যাতনা পোৱাটো বিচাৰে আৰু কোম্পানীটোৰ দুৰ্দশা হোৱাটো বিচাৰে।’

First published: