পঞ্জাৱত বিশাল বিজয়ৰ পিছত অৰবিন্দ কেজৰিৱালৰ দলে ৰাজ্যসভাৰ প্ৰাৰ্থীৰ তালিকাত এটাৰ পিছত আন এটা চমক দিছে। পঞ্জাৱৰ মুঠ পাঁচখন ৰাজ্যসভাৰ আসনৰ বাবে ৩১ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব। সেইসমূহ আসনত বৰ্তমান কংগ্ৰেছৰ পৰা ২ জন, শিৰোমণি অকালি দলৰ ২ জন আৰু বিজেপিৰ এজন সদস্য আছিল। কিন্তু এই সমীকৰণ এতিয়া সলনি হৈছে। পঞ্জাৱ বিধানসভা নিৰ্বাচনত আপে ১১৭ খন আসনৰ ভিতৰত ৯২ খন আসন দখল কৰাৰ পিছতে সলনি হৈ পৰে নিৰ্বাচনী দৃশ্যপট। সেইকাৰণে আপে পাঁচখন আসনত দলীয় প্ৰাৰ্থী প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।
আপৰ প্ৰাৰ্থী তালিকাত আছে হৰভজন সিং। দলটোৱে অনুভৱ কৰে যে, হৰভজন সিঙৰ যুৱ প্ৰজন্মৰ সৈতে আছে বিশেষ সম্পৰ্ক। সেইকাৰণে তেওঁক প্ৰাৰ্থী কৰিব বিচাৰিছে।
আপে ৩৩ বছৰীয়া ৰাঘৱ চাড্ডাক ৰাজ্যসভালৈ প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত লৈছে। যদি চাড্ডা সাংসদ হয়, তেন্তে তেওঁ ৰাজ্যসভাৰ আটাইতকৈ কনিষ্ঠ সদস্য হ'ব। ৰাঘৱ ২০২০ চনৰ পৰা পঞ্জাৱত আপৰ দলীয় দায়িত্বত আছিল। দিল্লী জল বোৰ্ডৰ উপাধ্যক্ষ হিচাপেও কৰ্মৰত চাড্ডা।
আইআইটি দিল্লীৰ সহযোগী অধ্যাপক চাণক্য সন্দীপ পাঠক এইবাৰ আপৰ মনোনয়নত ৰাজ্যসভাৰ সদস্য হ'বলৈ সাজু হৈছে। তেওঁ পৰ্দাৰ পিছফালৰ পৰা দীৰ্ঘদিন ধৰি AAPহৈ কাম কৰি আছে। সংগঠনটো গঢ়ি তোলাত তেওঁৰ ভূমিকা আৰু পঞ্জাৱত নিৰ্বাচনী সফলতা অনস্বীকাৰ্য্য আছিল। নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পিছত কেজৰিৱালে নিজেও সন্দীপৰ বিষয়ে কৈছিল।
অশোক মিত্তাল এখন শিক্ষানুষ্ঠানৰগৰাকী। তেওঁ লাভলী প্ৰফেশ্যনেল বিশ্ববিদ্যালয়ৰ মালিক। ২০০১ চনত প্ৰতিষ্ঠা হোৱাৰ পিছত বিশ্ববিদ্যালয়খন দ্ৰুতগতিত আগবাঢ়ি গৈছে।
সঞ্জীৱ অৰোৰা এজন উদ্যোগপতি। তেওঁ আপৰ পঞ্চম ৰাজ্যসভাৰ প্ৰাৰ্থী। লুধিয়ানাৰ উদ্যোগপতিগৰাকী দীৰ্ঘদিন ধৰি আপৰ সৈতে জড়িত হৈ আছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 21, 2022, 19:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।