ক’লা কাপোৰৰ পৰা অন্তিম ইচ্ছালৈকে, ফাঁচীকাঠত ওলমোৱাৰ পূৰ্বে দোষীৰ সৈতে কি কি হয়?

News18 Assam | News18-Assam
Updated:January 9, 2020, 2:52 PM IST
ক’লা কাপোৰৰ পৰা অন্তিম ইচ্ছালৈকে, ফাঁচীকাঠত ওলমোৱাৰ পূৰ্বে দোষীৰ সৈতে কি কি হয়?
২২জানুৱাৰীত নিৰ্ভয়াৰ বলাৎকাৰী সকলক ফাঁচীকাঠত ওলমোৱাৰ প্ৰাকক্ষণত এটা অভিযুক্ত বিনয় শৰ্মাই কিউৰেটিভ পেটিচন দাখিল কৰিছে। ইতিমধ্যে চাৰিওটা পাষণ্ডক আদালতৰ তৰফৰ পৰা জাৰি কৰা মৃত্যু পৰোৱানাৰ এটা এটা কপি নিশাই দি দিয়া হৈছে। 

২২জানুৱাৰীত নিৰ্ভয়াৰ বলাৎকাৰী সকলক ফাঁচীকাঠত ওলমোৱাৰ প্ৰাকক্ষণত এটা অভিযুক্ত বিনয় শৰ্মাই কিউৰেটিভ পেটিচন দাখিল কৰিছে। ইতিমধ্যে চাৰিওটা পাষণ্ডক আদালতৰ তৰফৰ পৰা জাৰি কৰা মৃত্যু পৰোৱানাৰ এটা এটা কপি নিশাই দি দিয়া হৈছে। 

  • Share this:
নিৰ্ভয়া গোচৰৰ চাৰিওটা পাষণ্ডক আদালতে ডেথ ৱাৰেণ্ট জাৰি কৰিছে। ৩২বছৰীয়া মুকেশ সিং, ৩১বছৰীয়া অক্ষয় কুমাৰ সিং, ২৬বছৰীয়া বিনয় শৰ্মা আৰু ২৫বছৰীয়া পৱন গুপ্তাক ২২জানুৱাৰী পুৱা ৭বজাত ফাঁচীকাঠত ওলমোৱা হ’ব। চাৰিওটা দোষীক আদালতৰ মৃত্যু পৰোৱানাৰ এটা এটা ফটোকপি নিশাই প্ৰদান কৰা হৈছে।

আহক ১০টা পইণ্টত জানো কোনো দোষীক ফাঁচীকাঠত কেনেকৈ ওলমোৱা হয় আৰু ফাঁচীৰ পূৰ্বে কি কি প্ৰক্ৰিয়া সম্পন্ন কৰা হয়?

১.ফাঁচী পুৱাহে দিয়া হয় কাৰণে জেলৰ মেনুৱেল অনুসৰি জেলৰ সকলো কাম সূৰ্যোদয়ৰ পিছতহে কৰা হয়। ফাঁচীৰ কাৰণে জেলৰ আন কোনো কাম প্ৰভাৱিত নহওক তাৰ কাৰণে পুৱাহে দোষীক ফাঁচী দিয়া হয়।

২–যিদিনা কোনো অপৰাধীক ফাঁচী দিয়া হয় সেইদিন পুৱা ৪.৩০বজা বা ৫বজাৰ আশে পাশে অপৰাধীক চাহ খাবলৈ দিয়া হয়। অপৰাধীয়ে বিচাৰিলে গা ধুবলৈ দিয়া হয় আৰু পুৱা আহাৰ কৰিব বিচাৰিলে খাবলৈও দিয়া হয়।

৩–পুৱাৰ আহাৰৰ পিছত মেজিষ্ট্ৰেট আহে আৰু উত্তৰাধিকাৰ নামা আদিৰ বিষয়ে সোধে। সোধা বিষয়াজন কাৰ্যবাহী দণ্ডাধীশ হয়। এই সময়ত অপৰাধীয়ে যদি নিজৰ সম্পত্তি কোনো বিশেষ ব্যক্তিৰ নামত দিব বিচাৰে তেনেহ’লে সেয়া তেওঁ কৰিব পাৰে।

৪–অপৰাধীৰ সম্পত্তিৰ সন্দৰ্ভত ৰেকৰ্ড কৰাৰ পিছত জল্লাদ অপৰাধীৰ কাষলৈ আহে আৰু তেওঁক ক’লা ৰঙৰ কাপোৰ পিন্ধিবলৈ দিয়ে। এই সময়চোৱাত অপৰাধীৰ হাত দুখন পিছফালে বান্ধি দিয়া হয় আৰু ফাঁচী দিয়া ঠাইত তেওঁক থিয় কৰোৱা হয়।

৫–ইয়াৰ পিছত জল্লাদে অপৰাধীৰ ডিঙিত ৰছীৰ বান্ধ ভালকৈ মজবুত আছে নে নাই পৰীক্ষা কৰে। অধীক্ষকে ইংগিত দিয়াৰ লগে লগে জল্লাদে বল্ট আঁতৰাই দিয়ে। ইয়াৰ পিছত অধীক্ষকে ইংগিত দিয়াৰ লগে লগে জল্লাদে লিভাৰ টানি দিয়ে।

৬–লিভাৰ টানি দিয়াৰ লগে লদে তলৰ তক্তাখনখন কুঁৱাত পৰি যায় আৰু অপৰাধী ফাঁচী কাঠত ওলমি পৰে। লিভাৰ টনাৰ দুইঘণ্টা পিছত চিকিৎসকে এই কথা নিশ্চিত কৰিব লাগে যে অপৰাধীৰ মৃত্যু হৈছে। ইয়াৰ পিছত শৱটো মৰণোত্তৰ পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰা হয়।

৭–উল্লেখযোগ্য যে কয়দীৰ ওজনৰ হিচাৰত ১.৮৩০মিটাৰৰ পৰা ২.৪৪০মিটাৰলৈকে ড্ৰপ অৰ্থাৎ তললৈ ৰছীৰে ওলমাব লাগে। ফাঁচীৰ চাৰিদিন পূৰ্বে মেডিকেল বিষয়াই প্ৰতিবেদন দিব লাগে যে অপৰাধীক কিমান ড্ৰপ দিব লাগে।

৮–ফাঁচীৰ সময়ত জেল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়। জেলৰ মেনুৱেল অনুসৰি যেতিয়া ফাঁচীৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয় তাৰ পিছতহে জেল আকৌ খোলা হয়।

৯–উচ্চতম ন্যায়ালয়ৰ গাইডলাইন অনুসৰি শৱৰ মৰণোত্তৰ পৰীক্ষা কৰোৱাটো জৰুৰী। ইয়াৰ পিছত শৱটো পৰিয়ালৰ মানুহক দিয়া হ’ব নে নাই সেয়া জেলৰ অধীক্ষকৰ ওপৰত নিৰ্ভৰ কৰে। যদি জেল ছুপাৰিণ্ডেণ্টে ভাবে যে অপৰাধীৰ শৱটোৰ বেয়া ব্যৱহাৰ হ’ব পাৰে তেনেহ’লে মৃতদেহটো পৰিয়ালৰ মানুহক দিয়া নহয়।

১০–বহুতেই ভাবে যে অপৰাধীৰ প্ৰত্যেকটো অন্তিম ইচ্ছা পূৰণ কৰা হয়। এনেকুৱা একেবাৰে নহয়, জেলৰ মেনুৱেলৰ মতেহে অপৰাধীৰ অন্তিম ইচ্ছা পূৰণ কৰা হয়। যদি কোনোবাই অন্তিম ইচ্ছা হিচাপে ফাঁচীকাঠত ওলমিব নোখোজে তেনেহ’লে সেয়া পূৰণ কৰা নহয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি