কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ১ এপ্ৰিলৰ পৰা একেৰাহে ৫ ঘণ্টা কৰিব লাগিব কাম, বাঢ়িব দৰমহা!

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:25 PM IST
কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ১ এপ্ৰিলৰ পৰা একেৰাহে ৫ ঘণ্টা কৰিব লাগিব কাম, বাঢ়িব দৰমহা!
১ এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰে  চাকৰিয়ালসকলৰ বাবে ডাঙৰ পৰিৱৰ্তন আনিব পাৰে । চাকৰিয়ালৰ গ্ৰেজুইটি, পিএফ আৰু কামৰ সময়ৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে। যাৰফলত অৱসৰৰ পিছত আপুনি লাভ কৰিব বৃহত্‍ পৰিমাণৰ ধন।

১ এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰে  চাকৰিয়ালসকলৰ বাবে ডাঙৰ পৰিৱৰ্তন আনিব পাৰে । চাকৰিয়ালৰ গ্ৰেজুইটি, পিএফ আৰু কামৰ সময়ৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে। যাৰফলত অৱসৰৰ পিছত আপুনি লাভ কৰিব বৃহত্‍ পৰিমাণৰ ধন।

  • Share this:
চাকৰিয়ালৰ বাবে ১ এপ্ৰিলৰ দিনটো অতি গুৰুত্বপূৰ্ণ বিবেচিত হ'ব পাৰে। কিয়নো কেন্দ্ৰীয় চৰকাৰে  চাকৰিয়ালসকলৰ বাবে বিভিন্ন দিশত ডাঙৰ পৰিৱৰ্তন সাধন কৰিব পাৰে অহা  ১ এপ্ৰিলৰ পৰা।

চাকৰিয়ালসকলৰ গ্ৰেজুইটি, পিএফ আৰু কাম কৰা সময়ৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন অনাৰ সম্ভাৱনা আছে। আশা কৰা হৈছে যে, কৰ্মচাৰীসকলৰ পিএফ বৃদ্ধি হ'ব। কিন্তু হাতত লাভ কৰা দৰমহাৰ পৰিমাণ হ্ৰাস পাব পাৰে। ইয়াৰ উপৰিও কোম্পানীসমূহৰ বেলেন্স শ্বীটবোৰতো বিভিন্ন পৰিৱৰ্তন দেখা যাব পাৰে।

কিয় এনে পৰিৱৰ্তন সাধন কৰিব বিচাৰিছে?

বিগত বৰ্ষত সংসদত গৃহীত তিনিখনকৈ মজুৰী  বিল (Code On Wages Bill)ৰ বাবে এই পৰিৱৰ্তন সাধন হ'ব পাৰে। এই বিলসমূহ চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে ।

জানক কেনেধৰণৰ আৰু কি কি পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে?

  •  দৰমহালৈ আহিব পৰিৱৰ্তন ঃ চৰকাৰৰ পৰিকল্পনা অনুসৰি, ১ এপ্ৰিলৰ পৰা মৌলিক বেতন (চৰকাৰী চাকৰিত মৌলিক বেতন আৰু ডি এ) মুঠ দৰমহাৰ ৫০ শতাংশ বা অধিক হ'ব লাগিব | চৰকাৰে দাবী কৰিছে যে, এই পৰিৱৰ্তনে নিয়োগকৰ্তা আৰু কৰ্মী উভয় পক্ষকে উপকৃত কৰিব।


  •  হ'ব পাৰে পি এফ বৃদ্ধিঃ নতুন নিয়ম অনুসৰি আপোনাৰ পিএফ বৃদ্ধি কৰা হ'ব আনহাতে আপুনি হাতত লাভ কৰা দৰমহা হ্ৰাস কৰা হ'ব। মৌলিক বেতন মুঠ দৰমহাৰ ৫০ শতাংশ বা অধিক হ'ব লাগে। এই পৰিৱৰ্তনৰ পিছতে বেছিভাগ লোকৰ বেতনৰ গাঁথনিগত পৰিৱৰ্তন হ'ব পাৰে। মৌলিক বেতন বৃদ্ধিয়ে আপোনাৰ পিএফ বৃদ্ধি কৰিব কিয়নো ই আপোনাৰ মৌলিক দৰমহাৰ ওপৰত আধাৰিত।

  • ১২ ঘণ্টা কাম কৰাৰ প্ৰস্তাৱ - সৰ্বাধিক কামৰ সময় ১২ লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ ৰখা হৈছে। ইয়াৰোপৰি ১৫ৰ পৰা ৩০ মিনিট অতিৰিক্ত কাম অভাৰটাইমৰ অন্তৰ্ভূক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। যদি ৩০ মিনিটতকৈ কম সময়ৰ বাবে অতিৰিক্ত কাম কৰে তেন্তে ইয়াক অভাৰটাইমত গণনা কৰা নহ'ব।

  • ৫ ঘণ্টা কাম কৰাৰ পিছত আধা ঘণ্টাৰ বিৰতি - ৫ ঘণ্টাতকৈ অধিক নিৰন্তৰ কাম নিষিদ্ধ কৰা হ'ব। চৰকাৰৰ মতে, কৰ্মচাৰীসকলক ৫ ঘণ্টা কাম কৰাৰ পিছত আধা ঘণ্টাৰ বাবে বিৰতি দিব লাগে।

  • অৱসৰৰ সময়ত লাভ কৰা ধনৰ পৰিমাণ বৃদ্ধি - পিএফৰ পৰিমাণ বৃদ্ধিয়ে অৱসৰৰ সময়ত লাভ কৰা ধনৰ পৰিমাণো বৃদ্ধি কৰিব। এই পৰিমাণে অৱসৰৰ পিছত কৰ্মচাৰীগৰাকীক যথেষ্ট সহায় কৰিব । পি এফ আৰু গ্ৰেজুুইটি বৃদ্ধিয়ে কোম্পানীবোৰৰ ব্যয়ও বৃদ্ধি কৰিব। কিয়নো তেওঁলোকে কৰ্মচাৰীসকলৰ বাবে পিএফত অধিক অৰিহনা যোগান ধৰিব লাগিব ।

Published by: Himangshu Bhuyan
First published: March 3, 2021, 5:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি