• Home
  • »
  • News
  • »
  • nation
  • »
  • Toll Plaza: এবছৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথত আৰু ভৰিব নালাগে ট'ল, দেশৰ সকলো ট’ল গেট বন্ধ কৰাক লৈ লোকসভাত নীতিন গাডকাৰীৰ বৃহৎ ঘোষণা, জানক নতুন চৰকাৰী পৰিকল্পনা

Toll Plaza: এবছৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথত আৰু ভৰিব নালাগে ট'ল, দেশৰ সকলো ট’ল গেট বন্ধ কৰাক লৈ লোকসভাত নীতিন গাডকাৰীৰ বৃহৎ ঘোষণা, জানক নতুন চৰকাৰী পৰিকল্পনা

ট'লৰ টকা পৰিশোধ কৰিব লাগিব GPS Systemৰ জৰিয়তে

ট'লৰ টকা পৰিশোধ কৰিব লাগিব GPS Systemৰ জৰিয়তে

ট'লৰ টকা পৰিশোধ কৰিব লাগিব GPS Systemৰ জৰিয়তে

  • Share this:
কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে ট'ল প্লাজাৰ সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আগন্তুক এটা বছৰৰ ভিতৰত দেশৰ সকলো ৰাষ্ট্ৰীয় ঘাইপথ(Roads and highway)ৰ পৰা টোল প্লাজা (toll plaza) উঠি যাব বুলি ঘোষণা কৰে। আৰু ইয়াৰ পৰিৱৰ্তে জিপিএচৰ মাধ্যমেৰে সংগ্ৰহ কৰা হ'ব ধনৰাশি। ভেহিক্যেল স্ক্যাপিং পলিচিৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে লোকসভাত নিজৰ মন্তব্য ৰাখোতে এই কথা উল্লেখ কৰে।

গাডকাৰীয়ে স্পষ্ট কৰি দিয়ে যে, আগন্তুক এটা বছৰৰ ভিতৰত ৰাস্তাৰ পৰা সকলো ট'ল প্লাজা আঁতৰাই দিয়া হ'ব। আৰু ট'লৰ ধন লোৱা হ'ব জিপিএচৰ মাধ্যমেৰে। অর্থাৎ ৰাস্তাৰ মাজত গাড়ী ৰখাই  টকা পৰিশোধ কৰি সময় নষ্ট কৰিব নালাগে যাত্ৰীয়ে।

মন্ত্ৰীগৰাকীয়ে জনাই যে,  ৯৩ শতাংশ গাড়ীয়ে ট'ল পৰিশোধ কৰে ফাষ্টটেগৰ মাধ্যমেৰে। বাকী ৭ শতাংশই এতিয়াও আগৰ পদ্ধতিৰে টোল পৰিশোধ কৰি আছে। কিন্তু পুৰণি পদ্ধতিৰে কোনে টকা দি আছে, সেই সন্দৰ্ভত তদন্ত কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়া হৈছে। কাৰণ ফাষ্টটেগ নাথাকিলে জিএছটি বা টোলৰ টকা পৰিশোধ নকৰাকৈ ফাঁকি দিব পাৰে চালকে। ২০১৬ত আৰম্ভ হৈছিল ফাষ্টটেগ চিষ্টেম।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এতিয়া গাড়ীত GPS System লগোৱা হ'ব। যাৰ সহায়ত টোল শুল্ক লোৱা হ'ব।
Published by:Himangshu Bhuyan
First published: