যি সময়ত ইন্ধনৰ মূল্য হ্ৰাসৰ কোনো সম্ভাৱনা দেখা যোৱ নাই, তেনে সময়ত এইচ.ডি.এফ.চি.য়ে ইণ্ডিয়ান অইল ক্ৰেডিট কাৰ্ডৰ দ্বাৰা আগবঢ়াইছে এক সুবিধা য’ত বিনামূলীয়াকৈ ৫০ লিটাৰলৈকে ইন্ধন লাভ কৰিব পাৰে।
যি সময়ত ইন্ধনৰ মূল্য হ্ৰাসৰ কোনো সম্ভাৱনা দেখা যোৱ নাই, তেনে সময়ত এইচ.ডি.এফ.চি.য়ে ইণ্ডিয়ান অইল ক্ৰেডিট কাৰ্ডৰ দ্বাৰা আগবঢ়াইছে এক সুবিধা য’ত বিনামূলীয়াকৈ ৫০ লিটাৰলৈকে ইন্ধন লাভ কৰিব পাৰে।
নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ লগতে পেট্ৰল তথা ডিজেলৰ বৰ্ধিত মুল্য বৃদ্ধিৰ ফলত যথেষ্ট প্ৰভাতিত হৈছে সাধাৰণ লোকসকল। ইন্ধনৰ বৰ্ধিত মূল্যবৃদ্ধি বৰ্তমান সময়ত দেশৰ সকলো লোকৰ বাবে এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ পৰিছে। দেশৰ বিভিন্ন প্ৰান্তন ইন্ধনৰ মূল্যই ১০০ৰ ঘৰ অতিক্ৰম কৰা দেখা গৈছে। মুঠৰ ওপৰত পেট্ৰ'ল-ডিজেল বৰ্তমান ব্যয়বহুল সামগ্ৰী হিচাপে পৰিগণিত হৈছে।
যি সময়ত ইন্ধনৰ মূল্য হ্ৰাসৰ কোনো সম্ভাৱনা দেখা যোৱ নাই, তেনে সময়ত এইচ.ডি.এফ.চি.য়ে ইণ্ডিয়ান অইল ক্ৰেডিট কাৰ্ডৰ দ্বাৰা আগবঢ়াইছে এক সুবিধা য’ত বিনামূলীয়াকৈ ৫০ লিটাৰলৈকে ইন্ধন লাভ কৰিব পাৰে।
এইচ.ডি.এফ.চি. আই.অ'.চি.এল. কাৰ্ড ব্যৱহাৰ কৰি ইণ্ডিয়ান অইল আউটলেটত তেল ভৰোৱাৰ লগতে বিল পৰিশোধ, গ্ৰ’চাৰি নাইবা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য পৰিশোধ কৰিলে প্ৰতিটো ৰিফিলৰ ওপৰত ইন্ধন পইণ্ট আগবঢ়ায়। ইয়াৰ ফলত এই কাৰ্ড ব্যৱহাৰকৰ্তাসকলে প্ৰতি বছৰে প্ৰায় ৫০ লিটাৰলৈকে বিনামূলীয়া ইন্ধন উপাৰ্জন কৰিব পাৰে।
এই কাৰ্ড ব্যৱহাৰ কৰ্তাই কাৰ্ড ব্যৱহাৰ কৰি খৰচ কৰা মুঠ ব্যয়ৰ ৫ শতাংশ উপাৰ্জন কৰিব পাৰে। প্ৰথম ছয় মাহৰ বাবে প্ৰতি মাহে সৰ্বাধিক ২৫০ টা ফুয়েল পইণ্টলৈকে থাকিব, ইয়াৰ পিছত পৰৱৰ্তী ছয় মাহৰ বাবে প্ৰতি মাহে সৰ্বাধিক ১৫০ টা ফিউল পইণ্ট থাকিব।
কাৰ্ড ব্যৱহাৰ কৰ্তা এজনে গ্ৰ’চাৰি শ্বপিং বা বিল পৰিশোধৰ ক্ষেত্ৰত ৫ শতাংশ ফিউল পইণ্ট অৰ্জন কৰিব পাৰিব। প্ৰতিটো বিভাগত প্ৰতিটো মাহত সৰ্বাধিক ১০০ ফিউল পইণ্টলৈকে আহৰণ কৰিবলৈ সক্ষম হ’ব। অৱশ্যে, ইয়াৰ বাৱে খৰচৰ নুন্যতম পৰিমাণ প্ৰতিটো ট্ৰাঞ্জেকছনত ১৫০ টকা হ’ব লাগিব। ইয়াৰ লগতে প্ৰতিটো ষ্টেটমেণ্ট চাইকলত, কাৰ্ড ব্যৱহাৰকৰ্তাই ১ শতাংশকৈ ফিউল চাৰচাৰ্জ ৱেইভাৰ লাভ কৰিব।
এইচ.ডি.এফ.চি. আই.অ'.চি.এল. কাৰ্ড লাভ কৰাটো অতিকৈ সহজ। ২১ৰ পৰা ৬০ বছৰ বয়সলৈকে সকলো ব্যক্তিয়ে এই কাৰ্ড ল’ব পাৰে। চেলফ এমপ্লইড লোকসকলৰ বাবে এই সীমা সৰ্বোচ্চ ৬৫ বছৰ। চেলাৰিড এমপ্লয়সকলৰ নূন্যতম মাহিলি আয় প্ৰতিমাহে ১২,০০০ টকা হ’ব লাগিব আৰু চেলফ এমপ্লইড সকলৰ কাৰণে প্ৰতি বছৰে ২ লাখ টকা হোৱাটো প্ৰয়োজনীয়। ৫০০ টকাৰ লগতে প্ৰয়োজনীয় কৰ বহন কৰি এই কাৰ্ড লাভ কৰিব পাৰিব। অৱশ্যে, কাৰ্ডৰ গৰাকীয়ে প্ৰতি বছৰে ৫০,০০০ টকাতকৈ অধিক ব্যয় নকৰিলে ৰিনিউৱেল চাৰ্জ লোৱা হ’ব।
এইচ.ডি.এফ.চি. বেংকৰ শাখাত অফলাইন আৱেদন কৰাৰ লগতে এইচ.ডি.এফ.চি. বেংকৰ ৱেবছাইটত অনলাইন যোগে আৱেদন কৰিব এই কাৰ্ড লাভ কৰিব পাৰে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|