হস্তীৰো পিচলে পাৱ, চৰকাৰী বিভাগত পদবী দিয়াৰ টোপ দি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পৰা ৮ কোটি টকা সৰকালে ভুৱা জ্যোতিষীয়ে

অপৰাধ শাখাৰ যুটীয়া আয়ুক্ত সন্দ্বীপ পাতিলে সংবাদ মাধ্যমত জনোৱা মতে ইন্দ্ৰকলাৰ অভিযোগৰ ভিত্তিত এখন FIR ৰুজু কৰি এতিয়া জে’ল হাজোতত ভৰোৱা হৈছে জ্যোতিষীজনক।
অপৰাধ শাখাৰ যুটীয়া আয়ুক্ত সন্দ্বীপ পাতিলে সংবাদ মাধ্যমত জনোৱা মতে ইন্দ্ৰকলাৰ অভিযোগৰ ভিত্তিত এখন FIR ৰুজু কৰি এতিয়া জে’ল হাজোতত ভৰোৱা হৈছে জ্যোতিষীজনক।
- News18 Assam
- Last Updated: January 13, 2021, 3:32 PM IST
৫২ বছৰীয়া যুৱৰাজ ৰামাদাস নামৰ ভুৱা জ্যোতিষীজনৰ বিৰুদ্ধে পূৰ্বেও এনেধৰণে ঠগ-প্ৰৱঞ্চনা কৰাৰ অভিযোগ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ২০১৮ চনৰ জুন মাহৰ পৰা ২০১৯ চনৰ নৱেম্বৰ মাহলৈ ৰামাদাসে ইন্দ্ৰকলা বি এছ নামৰ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ৬৮ বছৰীয়া ন্যায়াধীশগৰাকীৰ পৰা চৰকাৰী বিভাগত উচ্চ পদবী দিয়াৰ লোভ দি সৰকালে ৮.২৭ কোটি টকা। পিছত অৱসৰপ্ৰাপ্ত ন্যায়াধীশগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যোৱা মাহত গ্ৰেপ্তাৰ কৰে প্ৰবঞ্চকজনক।
অপৰাধ শাখাৰ যুটীয়া আয়ুক্ত সন্দ্বীপ পাতিলে সংবাদ মাধ্যমত জনোৱা মতে ইন্দ্ৰকলাৰ অভিযোগৰ ভিত্তিত এখন FIR ৰুজু কৰি এতিয়া জে’ল হাজোতত ভৰোৱা হৈছে জ্যোতিষীজনক। তেওঁ অৱসৰপ্ৰাপ্ত ন্যায়াধীশগৰাকীক চৰকাৰী যন্ত্ৰত প্রভাৱশালী ব্যক্তিৰে পৰিচিত বুলি কৈ তেওঁৰ যোগেদি মোটা ধনৰ বিনিময়ত উচ্চ পৰ্যায়ৰ চৰকাৰী পদবী দিয়াৰ প্ৰলোভন দিছিল।
নিজৰ অভিযোগ পত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়ধীশ গৰাকীয়ে জনোৱা মতে ২০২০জনৰ পৰা তেওঁৰে পৰিচিত এজন আৰক্ষী অধীক্ষকে অভিযুক্ত লোক জনক ২০১৭চনত তেওঁৰ লগত পৰিচয় কৰাই দিছিল । ভণ্ড জ্যোতিষীয়ে মহিলা ন্যায়ধীশ গৰাকীয়ে চৰকাৰী যন্ত্ৰত উচ্চ পদস্থ পদবী পোৱাৰ ভৱিষ্যত বাণী কৰিছিল আৰু দিল্লীৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰে তেওঁৰ সুসম্পৰ্ক আছে বুলি দাবী কৰিছিল । একাংশ নেতাৰ সৈতে উঠা ফটোও প্ৰমাণ হিচাপে ন্যায়ধীশ গৰাকীক দেখুৱাইছিল । ভণ্ড বাবাই সেই লোকৰ যোগেদি কাম সিদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়াত ন্যায়ধীশ গৰাকীয় পতিয়ন যায় আৰু শীৰ্ষ পদৰ লোভত মোটা অংকৰ ধন আদায় দিয়ে ।