বিহাৰত অচিন জ্বৰত এইপৰ্যন্ত ৪৮টি শিশুৰ মৃত্যু, ICUৰ অভাৱত হাস্পতালত হাহাকাৰ

অসুস্থ শিশুসকলক ভৰ্তি কৰোৱা হৈছে এছ কে এম চি এইচ আৰু কেজৰিৱাল হাস্পতালত।

News18-Assam
Updated:June 12, 2019, 12:25 PM IST
বিহাৰত অচিন জ্বৰত এইপৰ্যন্ত ৪৮টি শিশুৰ মৃত্যু, ICUৰ অভাৱত হাস্পতালত হাহাকাৰ
অসুস্থ শিশুসকলক ভৰ্তি কৰোৱা হৈছে এছ কে এম চি এইচ আৰু কেজৰিৱাল হাস্পতালত।
News18-Assam
Updated: June 12, 2019, 12:25 PM IST
বিহাৰত অচিন জ্বৰত আক্ৰান্ত হৈ এইপৰ্যন্ত ৪৮টি শিশুৰ মৃত্যু হোৱাৰ ঘটনাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যখনত বিগত ২৪ ঘণ্টাত হাস্পতালত মৃত্যু হৈছে ১০টি শিশুৰ। নতুনকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ২৩টি শিশুক।

অসুস্থ শিশুসকলক ভৰ্তি কৰোৱা হৈছে এছ কে এম চি এইচ আৰু কেজৰিৱাল হাস্পতালত। মুঠ ৬০টি শিশুক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। এছ কে এম চি এইচৰ শিশুৰোগ বিভাগৰ অধ্যক্ষ ডাঃ গোপাল শংকৰ ছাহানীয়ে জনোৱা অনুসৰি অসুস্থ শিশুৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে দুটা নতুন পি আই চি ইউ খোলা হৈছে। কেইবাটাও শিশু ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিছে।

ঘটনাৰ বুজ ল’বলৈ আজি কেন্দ্ৰীয় চৰকাৰৰ এটা দল উপস্থিত হ’ব মুজাফ্ফৰপুৰত। পাটনাত উপস্থিত হৈছে কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ ৭জনীয়া দল।
আৰু চাওক পৰৱৰ্তী বাতৰি