অসমত কংগ্ৰেছৰ পৰা বিজেপিলৈ, পশ্চিমবংগত আকৌ বিজেপি এৰি তৃণমূল কংগ্ৰেছলৈ
পশ্চিমবংগত বিজেপিৰ পৰা তৃণমূল কংগ্ৰেছলৈ চতুৰ্থজন বিধায়ক।
পশ্চিমবংগত বিজেপিৰ পৰা তৃণমূল কংগ্ৰেছলৈ চতুৰ্থজন বিধায়ক।
- News18 Assam
- Last Updated: September 4, 2021, 10:10 PM IST
নিৰ্বাচনৰ পিছতে বংগ বিজেপিত উঠিছে দল ত্যাগৰ ধুম। নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা ইজনৰ পিছত সিজন নেতা পুনৰ ঘূৰি গৈছে তৃণমূল কংগ্ৰেছলৈ। আজি পুনৰ বিজেপিৰ এগৰাকী বিধায়কে দলত্যাগ কৰি যোগ দিছে তৃণমূল কংগ্ৰেছত।
তৃণমূল কংগ্ৰেছ এৰি বিজেপিৰ টিকটত বিধায়ক হিচাপে নিৰ্বাচিত হোৱা সৌমেন ৰয়ে আজি বিয়লি মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পাৰ্থ চেটাৰ্জীৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান কৰে।
তৃণমূলত যোগদান কৰিয়ে বিধায়কগৰাকীয়ে সংবাদ মাধ্যমক কয়, 'বিজেপিত যোগদান কৰাটো মোৰ জীৱনৰ এক ভুল সিদ্ধান্ত আছিল।' উল্লেখযোগ্য যে অসমত কংগ্ৰেছ আৰু এআইইউডিএফ ত্যাগ কৰি শাসকীয় বিজেপি দলত যোগদান কৰাৰ সমান্তৰালকৈ পশ্চিমবংগটো ৪জন বিধায়কে বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছে।













