মুখ্যপৃষ্ঠা »খবৰ »দেশ »Terrorists Killed : জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত চাৰি সন্ত্ৰাসবাদী নিহত, দুৰ্ভাগ্যবশতঃ শ্বহীদ ৩ জোৱানো

Terrorists Killed : জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত চাৰি সন্ত্ৰাসবাদী নিহত, দুৰ্ভাগ্যবশতঃ শ্বহীদ ৩ জোৱানো

 জোৱানৰ এখন বাহন চৌগাম শিবিৰৰ পৰা বাদিগামৰ এনকাউণ্টাৰ স্থানলৈ গৈ থাকোঁতে অঘটন

জোৱানৰ এখন বাহন চৌগাম শিবিৰৰ পৰা বাদিগামৰ এনকাউণ্টাৰ স্থানলৈ গৈ থাকোঁতে অঘটন

জোৱানৰ এখন বাহন চৌগাম শিবিৰৰ পৰা বাদিগামৰ এনকাউণ্টাৰ স্থানলৈ গৈ থাকোঁতে অঘটন

  • Share this:
জম্মু-কাশ্মীৰত বৃহস্পতিবাৰে শ্বপিয়ান জিলাৰ বাদিগাম অঞ্চলত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষত চাৰি সন্ত্ৰাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদীসকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। এনকাউণ্টাৰ হোৱা স্থানৰ ওচৰত এখন বাহন দুৰ্ঘটনাক্ৰমে উলটি যোৱা বাবে তিনিগৰাকী জোৱানো শ্বহীদ হয়। সুৰক্ষা বাহিনীয়ে এতিয়াও অনুসন্ধান অভিযান চলাই আছে (Terrorists Killed In Encounter In Jammu And Kashmir)।

সেনা সূত্ৰই জানিবলৈ দিয়া মতে, সন্ত্ৰাসবাদীসকলে লুকাই থকাৰ তথ্য পোৱাৰ পিছত সুৰক্ষা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰিছিল। পিছত সন্ত্ৰাসবাদীয়ে গুলীবৰ্ষণ আৰম্ভ কৰে। সুৰক্ষা বাহিনীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। এনে সময়তে জোৱানৰ এখন বাহন চৌগাম শিবিৰৰ পৰা বাদিগামৰ এনকাউণ্টাৰ স্থানলৈ গৈ আছিল।

কিন্তু চালকজনে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত আঠগৰাকী জোৱান আহত হয়। চিকিৎসালয়লৈ নিয়াৰ সময়ত দুজনৰ মৃত্যু হয়, আনহাতে চিকিৎসাৰ সময়ত এজনৰ মৃত্যু হয়। বাকী পাঁচজন জোৱান শ্বপিয়ানৰ (Jammu And Kashmir) জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

শেহতীয়া বাতৰি