৪জনৰ লগতে স্থাপন কৰিব লাগিব যৌন সম্পৰ্ক! বাধা দিয়া মহিলাক দলৱদ্ধ বলাৎকাৰ কৰি মাথা ফালিলে!

News18 Assam | News18-Assam
Updated:October 5, 2020, 11:03 AM IST
৪জনৰ লগতে স্থাপন কৰিব লাগিব যৌন সম্পৰ্ক! বাধা দিয়া মহিলাক দলৱদ্ধ বলাৎকাৰ কৰি মাথা ফালিলে!
গুৰুগ্ৰামত সংঘটিত হৈছে এই বৰ্বৰ কাণ্ড।

গুৰুগ্ৰামত সংঘটিত হৈছে এই বৰ্বৰ কাণ্ড।

  • Share this:
গুৰুগ্ৰামঃ হাথৰাছৰ ঘটনাক লৈ দেশ জ্বলি থকাৰ সময়তে সংঘটিত হৈছে আন এক জঘন্য কাণ্ড। যি সময়ত সমগ্ৰ দেশত বলাৎকাৰৰ বিৰুদ্ধে ক্ৰোধাগ্নি তীব্ৰতৰ হৈছে, যি সময়ত দলৱদ্ধ বলাৎকাৰৰ দৰে জঘন্য অপৰাধ বন্ধ কৰিবলৈ কঠোৰতম ব্যৱস্থা লোৱাৰ পোষকতা দেশবাসীয়ে কৰিছে সেইসময়তে গুৰুগ্ৰামত সংঘটিত ভয়ানক কাণ্ডই জোকাৰি গৈছে দেশ। এগৰাকী মহিলাক চাৰিজন পুৰুষে দলৱদ্ধ বলাৎকাৰ কৰাৰ লগতে মাথা ফালি দিছে।

খবৰ অনুযায়ী এগৰাকী মহিলা যৌনকৰ্মীক যৌন সংগমত লিপ্ত হ’বলৈ ৰাস্তাৰ পৰা লৈ যায় এজন ব্যক্তিয়ে। ডিএলএফ ২ৰ এটা ভৱনত যৌনকৰ্মীগৰাকীক লৈ আহে ব্যক্তিজনে। সেই ঠাইতে অভিযুক্তৰ আৰু ৩জন সংগীও উপস্থিত আছিল। যৌনকৰ্মীগৰাকীক চাৰিজনৰ সৈতে যৌন সংগম কৰিবলৈ জোৰ দিয়ে অভিযুক্তই।

মহিলাগৰাকী মান্তি নোহোৱাত প্ৰথমে তেওঁক মাৰ ধৰ কৰা হয়। তাৰ পিছত চাৰিজনে মিলি দলৱদ্ধ বলাৎকাৰ কৰি পকা ৱালত মূৰ থেতেলিয়াই ভাঙি পেলায়। ৰক্তাক্ত অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰে চিকিউৰিটি গাৰ্ডে।

নিৰাপত্তাৰক্ষীয়ে আৰক্ষীক খবৰ দিয়াৰ পিছতে মহিলাগৰাকীক চিকিৎসাৰ কাৰণে হাস্পতাললৈ নিয়া হয়। আৰক্ষীৰ আগত সকলো কথা বিৱৰি কৈছে নিৰ্যাতিতাই। আটক কৰা হৈছে চাৰি অভিযুক্তক।
First published: October 5, 2020, 11:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading