ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৪ খেলুৱৈৰ, নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়ালে দ্ৰুতবেগী বাহনে

নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনে এডাল গছত খুন্দা মাৰি পথৰ দাঁতিত বাগৰি পৰে। দুৰ্ঘটনাত থিতাতে নিহত হয় চাৰিজন খেলুৱৈ।

News18-Assam
Updated:October 14, 2019, 11:26 AM IST
ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৪ খেলুৱৈৰ, নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়ালে দ্ৰুতবেগী বাহনে
নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনে এডাল গছত খুন্দা মাৰি পথৰ দাঁতিত বাগৰি পৰে। দুৰ্ঘটনাত থিতাতে নিহত হয় চাৰিজন খেলুৱৈ।
News18-Assam
Updated: October 14, 2019, 11:26 AM IST
মধ্য প্ৰদেশৰ হোশংগাবাদ চহৰৰ সমীপত আজি পুৱা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন দ্ৰুতবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড খুন্দা মাৰে এডাল গছত। এই দুৰ্ঘটনাত চাৰিজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ হকী খেলুৱৈৰ মৃত্যু হয়। ধ্যানচান্দ হকী টুৰ্ণামেণ্টত অংশ ল’বলৈ গৈছিল খেলুৱৈকেইজন।

গাড়ীখনত আছিল ৭জন খেলুৱৈ। হোশংগাবাদৰ পৰা ইটাৰসীলৈ গৈ আছিল খেলুৱৈৰ দলটো। গৈ থকাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনে এডাল গছত খুন্দা মাৰি পথৰ দাঁতিত বাগৰি পৰে। দুৰ্ঘটনাত থিতাতে নিহত হয় চাৰিজন খেলুৱৈ।

জানিব পৰা মতে, হোশংগাবাদত ধ্যানচান্দ হকী টুৰ্ণামেণ্টৰ আয়োজন চলি আছে। এই আটাইকেইগৰাকী খেলুৱৈয়ে সেই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে গৈছিল। খেলুৱৈ অধিক হোৱাত কিছুসংখ্যক খেলুৱৈক ইটাৰসীত থকাৰ ব্যৱস্থা কৰা হৈছিল। এই খেলুৱৈৰ দলটো নিজৰ বাহনেৰে ইটাৰসীলৈ আহি থকাৰ সময়তে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। আনহাতে, আহতকেইজনক নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত ভূপাললৈ স্থানান্তৰিত কৰা হয়।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি