নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে লুটি খাই পৰিল যাত্ৰীবাহী বাছ, নিহত ৪জন

News18 Assam | News18-Assam
Updated:November 28, 2019, 9:49 AM IST
নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে লুটি খাই পৰিল যাত্ৰীবাহী বাছ, নিহত ৪জন
Photo : News18 Hindi

টায়াৰ ফুটি নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে খুন্দা মাৰে ডিভাইডাৰত।

  • Share this:
উত্তৰ প্ৰদেশৰ কনৌজত ভয়ংকৰ বাছ দুৰ্ঘটনা। আগ্ৰা–লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত ৪জন লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাজনো লোক। জয়পুৰৰ পৰা বিহাৰলৈ আহি থকা বাছখন নিশা প্ৰায় ১১ বজাত দুৰ্ঘটনাত পতিত হয়।

টায়াৰ ফুটি নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে খুন্দা মাৰে ডিভাইডাৰত। তাৰ পিছতে পথৰ ওপৰত বাগৰি পৰে বাছখন। আহত আটাইকে ভৰ্তি কৰোৱা হয় চিকিত্‍সালয়ত।
আৰু চাওক
পৰৱৰ্তী বাতৰি