• Home
  • »
  • News
  • »
  • nation
  • »
  • Four Day Work Week : সপ্তাহত ৪ দিন কাম ৩ দিন ছুটী, নতুন বছৰত চাকৰিয়াল সকলে পাব পাৰে এই বাম্পাৰ খবৰ, কি কি সলনি হ'ব

Four Day Work Week : সপ্তাহত ৪ দিন কাম ৩ দিন ছুটী, নতুন বছৰত চাকৰিয়াল সকলে পাব পাৰে এই বাম্পাৰ খবৰ, কি কি সলনি হ'ব

সাংকেতিক ছবি

সাংকেতিক ছবি

Four Day Work Week : ভাৰতত নতুন বছৰত সলনি হ'ব পাৰে সাপ্তাহিক কৰ্মদিন। লগতে সলনি হ'ব পাৰে দৰমহাৰ গাঠনিও।

  • Share this:
Four Day Work Week : এক সপ্তাহত মাত্ৰ ৪টা কৰ্মদিন! ৪ দিন কাম কৰিয়েই এক সপ্তাহৰ দৰমহা পাব পাৰে আপুনি। নতুন বছৰত এনে এক দুৰ্দান্ত ভাল খবৰ লাভ কৰিব পাৰ চাকৰিয়ালসকলে। ভাৰতত নতুন বছৰত সলনি হ'ব পাৰে সাপ্তাহিক কৰ্মদিন। লগতে সলনি হ'ব পাৰে দৰমহাৰ গাঠনিও। নতুন বছৰত আহিব পাৰে এনে এক আচৰিত খবৰ।

কেন্দ্ৰীয় চৰকাৰে চাৰিটা নতুন লেবাৰ কোড (Four New Labour Code) ঘোষণা কৰিব পাৰে। এই চাৰিটা নতুন লেবাৰ কোড মজুৰি, সামাজিক নিৰাপত্তা, জীৱীকাৰ সুৰক্ষা, স্বাস্থ্য আৰু কৰ্মস্থানৰ পৰিবেশ (Wages, Social Security, Occupational Safety, Health and Working Condition) আদি বিষয়ক সামৰি লৈ ঘোষণা কৰিব পাৰে বুলি এক সূত্ৰযোগে জানিব পৰা গৈছে। ২০২২ চনত আৰম্ভ হ'বলগীয়া নতুন বিত্তীয় বৰ্ষ (New Fiscal Year of 2022)ৰ পৰাই এই নিয়ম কাৰ্যকৰী কৰা হ'ব বুলিও জানিব পৰা গৈছে।

এক চৰকাৰী সূত্ৰৰ উল্লেখ কৰি প্ৰকাশ কৰা ৰিপোৰ্টমতে নতুন ভচৰত কৰ্মচাৰীসকলে সপ্তাহত তিনিদিন ছুটী (Three Days Leave in a Week) লাভ কৰিব আৰু মাত্ৰ ৪ দিন কাম কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই বিষয়ক নীতি প্ৰস্তুত কৰিছে আৰু ৰাজ্য চৰকাৰসমূহে এতিয়া এই নীতি প্ৰযোজ্য কৰিবৰ কাৰণে নিজাকৈ নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিব পাৰে কাৰণ শ্ৰমটো সংবিধানৰ সমাৱৰ্ত সূচীৰ অন্তৰ্ভূক্ত। ৰিপোৰ্টটোত প্ৰকাশ।

যদি এই নতুন কৰ্ম নীতি দেশখনত প্ৰৱৰ্তন হয় তেন্তে ভাৰতৰ কৰ্ম সংস্কৃতি (Work Culture)য়েই সলনি হৈ যাব। ইয়াৰ লগে লগে সলনি হ'ব কৰ্মচাৰিয়ে লাভ কৰা দৰমহাও। ঘণ্টা হিচাপত কামৰ সময়ো সলনি হ'ব পাৰে। PTIত প্ৰকাশ পোৱা এই ৰিপোৰ্ট যদি সঁচা হয় তেন্তে নতুন বিত্তীয় বৰ্ষত নতুন কৰ্মদিন লাভ কৰিব কৰ্মচাৰীয়ে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published: