Nirbhaya Rape Case: চাৰি ধৰ্ষণকাৰীয়ে জেলৰ ভিতৰত ২৩বাৰ ভাঙিছে নিয়ম, উপাৰ্জন ১.৩৭লাখ টকা!

News18 Assam | News18-Assam
Updated:January 15, 2020, 12:43 PM IST
Nirbhaya Rape Case: চাৰি ধৰ্ষণকাৰীয়ে জেলৰ ভিতৰত ২৩বাৰ ভাঙিছে নিয়ম, উপাৰ্জন ১.৩৭লাখ টকা!
জেলৰ ভিতৰতো আইন ভংগ কৰাৰ ধাৰা অব্যাহত চাৰি পাষণ্ডৰ। 

জেলৰ ভিতৰতো আইন ভংগ কৰাৰ ধাৰা অব্যাহত চাৰি পাষণ্ডৰ। 

  • Share this:
নিৰ্ভয়া দলৱদ্ধ বলাৎকাৰ আৰু হত্যাৰ গোচৰত অহা ২২জানুৱাৰীত ফাঁচীকাঠত ওলমিব চাৰিটা পাষণ্ড।২০১২চনৰ দেশ কঁপোৱা বলাৎকাৰ কাণ্ডৰ পিছত দীঘলীয়া সময় জেলত কটাইছে চাৰিওটা অপৰাধীয়ে। জেলৰ ভিতৰত নিজৰ নিয়তিৰ কাৰণে অপেক্ষা কৰাৰ সময়তো বাৰে বাৰে আইন ভাঙি অহাৰ ৰেকৰ্ড আটাইকেইটাৰ।বিভিন্ন উৎসৰ খবৰ মতে, দলৱদ্ধ বলাৎকাৰ আৰু হত্যাৰ জঘন্য অপৰাধৰ অভিযুক্ত কেইটাৰ মুখত মৃত্যুৰ প্ৰাকক্ষণতো নাই তিলমানো অনুশোচনাৰ ৰেশ। ফাঁচীৰ আদেশ পোৱাৰ পিছতো সেয়া যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰাবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে চাৰিওটাই। মঙলবাৰে কিউৰেটিভ পেটিচন ছুপ্ৰীম ক’ৰ্টে খাৰিজ কৰাৰ পিছত অৱশ্যে শেষ আশা নিৰ্বাপিত হয়।

এবাৰ, দুবাৰ নহয় ২৩বাৰকৈ জেলৰ নিয়ম ভাঙিছে এই হত্যাকাৰীকেইটাই। চাৰিওটা অভিযুক্তৰ তিনিটাই কাম কৰি জেলৰ ভিতৰত উপাৰ্জন কৰিছে ১.৩৭লাখ টকা। তিহাৰ জেলৰ সূত্ৰ মতে অক্ষয় ঠাকুৰে কেৱল এবাৰ নিয়ম ভাঙিছে। বাকী তিনিওটাৰ ভিতৰত মুকেশ সিঙে তিনিবাৰ, পৱন গুপ্তাই আঠবাৰ আৰু বিনয় শৰ্মাই ১১বাৰ নিয়ম ভাঙিছে। জেলৰ ভিতৰত বাধ্যতামূলক পৰিশ্ৰম কৰি অক্ষয় ঠাকুৰে ৬৯হাজাৰ টকা, পৱনে ২৯হাজাৰ টকা, বিনয়ে ৩৯হাজাৰ টকা পাইছে। মঙলবাৰে বিনয় শর্মাৰ পিতৃয়ে তেওঁক দেখা কৰিবলৈ জেললৈ যায়। আটাইকেইটা অভিযুক্তৰ পৰিয়ালে ফাঁচীৰ আগত তেওঁলোকক অন্তিম সাক্ষাতৰ সুযোগ পাব। অক্ষয়ৰ পৰিয়ালে যোৱা নৱেম্বৰ মাহত সাক্ষাৎ কৰিছিল। এই অপৰাধীকেইটাই নিজৰ পৰিয়ালৰ সৈতে ফোনেৰেও কথা পতাৰ সুযোগ পাব। ফাঁচীৰ আদেশ নিশ্চিত হোৱাৰ পিছত বিনয়ৰ বাহিৰে কাৰোৰে পৰিয়ালে জেলত অভিযুক্তকেইটাক এই পৰ্যন্ত সাক্ষাৎ কৰা নাই।
Published by: Tulika Devi
First published: January 15, 2020, 12:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading