ফৰ্চুন মেগাজিনে বিত্ত, টেকনিক, হেলথকেয়াৰ, ৰাজনীতি আৰু মিডিয়া, মনোৰঞ্জনৰ শিতানত ফৰটি আণ্ডাৰ ফৰটি তালিকা প্ৰকাশ কৰিছে।
ফৰ্চুন মেগাজিনে বিত্ত, টেকনিক, হেলথকেয়াৰ, ৰাজনীতি আৰু মিডিয়া, মনোৰঞ্জনৰ শিতানত ফৰটি আণ্ডাৰ ফৰটি তালিকা প্ৰকাশ কৰিছে।
ফৰ্চুন মেগাজিনে বিত্ত, টেকনিক, হেলথকেয়াৰ, ৰাজনীতি আৰু মিডিয়া, মনোৰঞ্জনৰ শিতানত ফৰটি আণ্ডাৰ ফৰটি তালিকা প্ৰকাশ কৰিছে। তালিকাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন মুকেশ আম্বানীৰ জীয়ৰী ইশা আম্বানী আৰু পুত্ৰ আকাশ আম্বানীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
ফেচবুক, গুগল, Qualcomm, ইণ্টেলৰ দৰে প্ৰতিষ্ঠানৰ যোগেদি কৰালে বিনিয়োগ-
মেগাজিনৰ প্ৰতিটো শিতানত বিশ্বৰ ৪০গৰাকী লোক অন্তৰ্ভুক্ত হৈছে। তালিকাত অন্তুৰ্ভুক্ত প্ৰতিগৰাকী লোকৰ বয়স ৪০ বছৰৰ কম। ইশা আৰু আকাশ আম্বানীৰ নাম প্ৰযুক্তি শিতানত অন্তুৰ্ভুক্ত কৰা হৈছে। ফৰ্চুনৰ তথ্য মতে, আকাশ আৰু ইশাই জিঅ’ৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। দুয়োগৰাকীয়ে ফেচবুকৰ সৈতে ৯.৯৯ শতাংশ অংশীদাৰিত্বৰ বাবে ৩.৭ আৰব ডলাৰৰ মেগা ডিল সফলতাৰে সম্পূৰ্ণ কৰিছিল। গুগল, Qualcomm, ইণ্টেলৰ দৰে প্ৰতিষ্ঠানক ৰিলায়েন্সৰ সৈতে চুক্তি কৰাত আৰু বিনিয়োগ কৰাত দুয়োৰে সফল নেতৃত্ব অন্তৰ্নিহিত হৈ আছে।
জিঅ’মাৰ্ট মুকলি কৰাৰ ক্ষেত্ৰতো ল’লে আগভাগ-
আকাশ আম্বানীয়ে আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্য়ালয়ৰ পৰা ২০১৪ চনত অৰ্থনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি পৰিয়ালৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰে। সেইদৰে ইশা আম্বানীয়ে এবছৰৰ পিছত জিঅ’ত যোগদান কৰে। জিঅ’ মেট মুকলিৰ ক্ষেত্ৰত ইশা আৰু আকাশৰ আছে প্ৰধান ভূমিকা। ২০২০ৰ মে’ মাহত মুকলি হৈছিল জিঅ’মেট। আৰু আজি প্ৰতিদিনাই প্ৰায় ৪ লাখ লোকে অৰ্ডাৰ বুক কৰি আছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|