• Home
  • »
  • News
  • »
  • nation
  • »
  • Mulayam Singh Yadav : উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱক আই চি ইউত ভৰ্তি

Mulayam Singh Yadav : উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱক আই চি ইউত ভৰ্তি

পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ খবৰ পাই অখিলেশ যাদৱ আৰু মুলায়মৰ ভাতৃ শিৱপাল সিং যাদৱে দিল্লীত উপস্থিত হয়।

পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ খবৰ পাই অখিলেশ যাদৱ আৰু মুলায়মৰ ভাতৃ শিৱপাল সিং যাদৱে দিল্লীত উপস্থিত হয়।

পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ খবৰ পাই অখিলেশ যাদৱ আৰু মুলায়মৰ ভাতৃ শিৱপাল সিং যাদৱে দিল্লীত উপস্থিত হয়।

  • Share this:
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ স্বাস্থ্যৰ অৱস্থাৰ আৰু অধিক অৱনতি ঘটাত দেওবাৰে তেওঁক গুৰুগ্ৰামৰ মেদান্ত হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয়।

বিগত কেইবাদিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মুলায়ম সি যাদৱৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁক আই চি ইউ ৱাৰ্ডলৈ বদলি কৰা হয়। বৰ্তমান সময়ত মুলায়মৰ শাৰীৰিক অৱস্থা সংকটজনক বুলি কোৱা হৈছে। উল্লেখ্য, যোৱা তিনি মাহত দুবাৰকৈ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ইফালে, পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ খবৰ পাই অখিলেশ যাদৱ আৰু মুলায়মৰ ভাতৃ শিৱপাল সিং যাদৱে দিল্লীত উপস্থিত হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে তিনিবাৰকৈ কাৰ্যনিৰ্বাহ কৰা ৮২ বছৰীয়া মুলায়ম সিং যাদৱৰ শাৰীৰিক অৱস্থাক লৈ এতিয়া ৰাজ্যখনৰ সকলো চিন্তিত।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি