உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Minister Booked for Rape: ৫ বছৰ ধৰি ধাৰাবাহিকভাৱে বলাৎকাৰ! তিনিবাৰ বলপূৰ্বক গৰ্ভপাত! প্ৰাক্তন মন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অভিনেত্ৰীৰ

    Minister Booked for Rape: ৫ বছৰ ধৰি ধাৰাবাহিকভাৱে বলাৎকাৰ! তিনিবাৰ বলপূৰ্বক গৰ্ভপাত! প্ৰাক্তন মন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অভিনেত্ৰীৰ

    প্ৰতীকী ফটো

    প্ৰতীকী ফটো

    তামিল অভিনেত্ৰীগৰাকীৰ দাবী, ৫ বছৰ ধৰি মণিকান্দনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল তেওঁৰ। বিয়াৰ সিদ্ধান্ত লৈছিল দুয়ো। শাৰীৰিক ঘনিষ্ঠতাও আছিল।

    • Share this:
    বিয়াৰ প্ৰতিশ্ৰুতি দি পাঁচ বছৰ ধৰি অভিনেত্ৰীক ধাৰাবাহিকভাৱে বলাৎকাৰ, তিনিবাৰ বলপূৰ্বক গৰ্ভপাত, সপৰিয়ালে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে তামিলনাডুৰ প্ৰাক্তন AIADMK মন্ত্ৰী এম মণিকান্দনৰ (M Manikandan)ৰ বিৰুদ্ধে। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতাৰণাৰো অভিযোগ তুলিছে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মণিকান্দনক গ্ৰেপ্তাৰ (booked for rape) কৰিছে। তেওঁৰ বিৰুদ্ধে ধৰ্ষণ, ইচ্ছাৰ বিৰুদ্ধে বলপূৰ্বক গৰ্ভপাতসহ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

    তামিল অভিনেত্ৰীগৰাকীৰ দাবী, ৫ বছৰ ধৰি মণিকান্দনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল তেওঁৰ। বিয়াৰ সিদ্ধান্ত লৈছিল দুয়ো। শাৰীৰিক ঘনিষ্ঠতাও আছিল। কিন্তু পিছত মণিকান্দনে বিয়া কৰাবলৈ অস্বীকাৰ কৰে। অভিনেত্ৰীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্কৰ ফলত গৰ্ভৱতী হোৱাত ৰাজনৈতিক ক্ষমতাৰ বলত তিনিবাৰ গৰ্ভপাত কৰাবলৈ বাধ্য কৰাইছিল। সেই সময়ত অভিনেত্ৰীগৰাকীক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে বিয়াৰ আগত নহয়, ধুমধামেৰে বিয়াৰ পিছত সন্তানে পৃথিৱীৰ পোহৰ দেখিব। কিন্তু কোনো কথা নাৰাখিলে মণিকান্দনে।

    অভিনেত্ৰীগৰাকীৰ অভিযোগ, দীৰ্ঘদিন ধৰি সম্পৰ্ক থাকিলেও বিয়াৰ বাবে সন্মত হোৱা নাছিল প্ৰাক্তন মন্ত্ৰীগৰাকী। বৰং বিয়াৰ বাবে হেঁচা দিলে আপত্তিজনক ফটো ছচিয়েল মিডিয়াত বিয়পাই দিয়াৰ ভাবুকি দিয়ে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। আনকি দেশ এৰি গুচি যোৱাৰ বাবেও হেঁচা দিয়া আৰম্ভ কৰে।



    Times Nowৰ ৰিপ’ৰ্ট অনুসৰি, অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰি কয়, ‘‘মণিকান্দনে তেওঁক ভাৰাতীয়া হত্যাকাৰীৰ জৰিয়তে প্ৰাণে মৰাৰ ভাবুকি দিছিল।’’ অৱশ্যে এই সমগ্ৰ ঘটনা অস্বীকাৰ কৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। তেওঁৰ দাবী, তেওঁ অভিনেত্ৰীগৰাকীক চিনিয়ে নাপায়।
    Published by:Sanjay Kumar Das
    First published: