• Home
  • »
  • News
  • »
  • nation
  • »
  • Minister Booked for Rape: ৫ বছৰ ধৰি উপৰ্যুপৰী ধৰ্ষণ! ৩ বাৰ বলপূৰ্বক গৰ্ভপাত! প্ৰাক্তন মন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অভিনেত্ৰীৰ

Minister Booked for Rape: ৫ বছৰ ধৰি উপৰ্যুপৰী ধৰ্ষণ! ৩ বাৰ বলপূৰ্বক গৰ্ভপাত! প্ৰাক্তন মন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অভিনেত্ৰীৰ

বিয়াৰ প্ৰতিশ্ৰুতিৰে ৫ বছৰ ধৰি অভিনেত্ৰীক উপৰ্যুপৰী ধৰ্ষণ, তিনিবাৰ বলপূৰ্বক গৰ্ভপাত, পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে AIADMK মন্ত্ৰী এম মণিকান্দনৰ বিৰুদ্ধে।

  • Share this:
বিয়াৰ প্ৰতিশ্ৰুতিৰে ৫ বছৰ ধৰি অভিনেত্ৰীক উপৰ্যুপৰী ধৰ্ষণ, তিনিবাৰ বলপূৰ্বক গৰ্ভপাত, পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে AIADMK মন্ত্ৰী এম মণিকান্দনৰ বিৰুদ্ধে। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতাৰণ কৰাৰ অভিযোগ তুলিছে অভিনেত্ৰীগৰাকীয়ে। তামিল অভিনেত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মণিকান্দনক গ্ৰেপ্তাৰ কৰিছে। ৰুজু হৈছে ধৰ্ষণ, ইচ্ছাৰ বিৰুদ্ধে বলপূৰ্বক গৰ্ভপাত সহ একাধিক গোচৰ।

তামিল অভিনেত্ৰীৰ দাবী, ৫ বছৰ ধৰি মণিকান্দনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল তেওঁৰ। বিয়াৰ সিদ্ধান্ত লৈছিল। শাৰীৰিক ঘনিষ্ঠতাও আছিল। কিন্তু মনিকান্দনে বিয়া কৰাবলৈ অস্বীকাৰ কৰে অভিনেত্ৰীগৰাকীক। বৰঞ্চ অভিনেত্ৰীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ লগতে ৰাজনৈতিক ক্ষমতা প্ৰয়োগ কৰি তিনিবাৰ বলপূৰ্বক গৰ্ভপাত কৰে প্ৰাক্তন মন্ত্ৰীজনে।

অভিনেত্ৰীৰ অভিযোগ- দীৰ্ঘদিন ধৰি সম্পৰ্ক থকাৰ পিছতো বিয়া কৰাবলৈ ৰাজি হোৱা নাছিল প্ৰাক্তন মন্ত্ৰীজন। আনকি বিয়াৰ কথা ক'লে তেওঁৰ আপত্তিজনক ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ ভাবুকি দিছিল।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি