ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনে ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’ক সমৰ্থন জনায়। তেওঁ ইংগিত দি কয় যে এই যাত্ৰা ‘‘নিম্ন মধ্যবিত্ত শ্ৰেণী’’ৰ দুখ-কষ্টক সম্বোধিত কৰাৰ এটা উপায় হ’ব পাৰে। বুধবাৰে ৰঘুৰাম ৰাজনে ৰাজস্থানৰ চৱাই মাধোপুৰৰ পৰা ‘ভাৰত জোড়ো যাত্ৰা’ত যোগদান কৰিছিল। কংগ্ৰেছে এই পদযাত্ৰাৰ ভিডিঅ’ ক্লিপ এটা টুইট কৰি শিৰোনামত লিখিছিল যে ‘‘ঘৃণাৰ বিৰুদ্ধে দেশক একত্ৰিত কৰিবলৈ মানুহৰ বৰ্ধিত সংখ্যাই দেখুৱায় যে আমি সফল হ’ম।’’
বুধবাৰৰ দিনটোত অৰ্থাৎ ১৪ ডিচেম্বৰৰ সন্ধিয়া আন এটা ক্লিপ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনে ৰাহুল গান্ধীৰ সৈতে বহি আলোচনা কৰি আছিল। ভিডিঅ’টোত ৰাহুল গান্ধীয়ে এইদৰে কোৱা শুনা যায় যে, ‘‘কৃষক আৰু দৰিদ্ৰসকলে একেলগে এখন ভাৰত সৃষ্টি কৰে, তাৰ পিছত ৫–১০ জনীয়া এটা দলে আন এখন ভাৰত নিৰ্মাণ কৰে।’’ ড৹ ৰঘুৰাম ৰাজনে উত্তৰত কয় যে, ‘‘ যিসকল মাজত আৱদ্ধ হৈছে, নিম্ন মধ্যবিত্ত শ্ৰেণীয়ে আটাইতকৈ বেছি কষ্ট পাইছে।’’
ইয়াৰ লগতে তেওঁ কয়, ‘‘মানুহে চাকৰি হেৰুৱাইছে, নিবনুৱা বৃদ্ধি পাইছে। ঋণো বৃদ্ধি হৈ আছে, কিয়নো তেওঁলোকে ঋণ লৈ আছে, সুত বৃদ্ধি হৈছে। ৰাজনৈতিক দলবোৰে যিয়েই নকৰক – ভাৰতক একত্ৰিত কৰিব লাগে (লক্ষ্য হৈছে ভাৰতক একত্ৰিত কৰা)। বাহ্যিক সুৰক্ষাৰ বাবে আপোনাৰ আভ্যন্তৰীণ সম্প্ৰীতি থাকিব লাগিব।’’
বিজেপিৰ অমিত মালৱীয়ই কটাক্ষ কৰি এটা টুইট কৰি কয় যে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰে ‘‘নিজকে পৰৱৰ্তী মনমোহন সিং বুলি বিবেচনা কৰে’’ আৰু ভাৰতীয় অৰ্থনীতিৰ তেওঁৰ চিত্ৰায়ন ‘‘ৰঙীন আৰু সুবিধাবাদী’’ আছিল। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ প্ৰাক্তন মুখ্য অৰ্থনীতিবিদ ৰঘুৰাম ৰাজনক ২০১৩ চনত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমে আৰবিআই পদৰ বাবে নিযুক্তি দিছিল। বিজেপিৰ সুব্ৰমনিয়াম স্বামীৰ তীব্ৰ সমালোচনাৰ মাজতে তেওঁ দ্বিতীয় কাৰ্যকাল নিবিচৰাকৈ ২০১৬ চনত পদত্যাগ কৰিছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : December 15, 2022, 08:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।