আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পূণ্যতিথি, ৰাষ্ট্ৰপতি–প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহু গণ্য–মান্য নেতাই শ্ৰদ্ধাঞ্জলি জনালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ।

News18-Assam
Updated:August 16, 2019, 8:04 AM IST
আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পূণ্যতিথি, ৰাষ্ট্ৰপতি–প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহু গণ্য–মান্য নেতাই শ্ৰদ্ধাঞ্জলি জনালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ।
News18-Assam
Updated: August 16, 2019, 8:04 AM IST
প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী। বিগত বৰ্ষৰ আজিৰ দিনটোতে দিল্লীত মহাপ্ৰয়ান ঘটিছিল মূল্যবোধৰ ৰাজনীতিৰ জনক বাজপেয়ীৰ। জননেতাগৰাকীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বাজপেয়ীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে আয়োজন কৰা হৈছে সৰ্ব ধৰ্ম প্ৰাৰ্থনা সভাৰ।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহু গণ্য–মান্য নেতাই শ্ৰদ্ধাঞ্জলি জনালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ।


কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী অধ্যক্ষ জে পি নাড্ডা আৰু আন আন নেতাসকলেও প্ৰথম মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনালে ৰাষ্ট্ৰনেতাগৰাকীলৈ।



আজি পুৱাই বাজপেয়ীৰ সমাধিস্থলত উপস্থিত হৈ বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কন্যা নমিতা কৌল ভট্টাচাৰ্য আৰু নাতিনী নিহাৰিকাই। দেশৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে ৰাষ্ট্ৰনেতাগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

 বিগত বৰ্ষৰ ১৬ আগষ্টত দিল্লীত দেহাবসান ঘটিছিল অটল বিহাৰী বাজপেয়ীৰ। বাজপেয়ীৰ মহাপ্ৰয়াণত শোকস্তব্ধ হৈ গৈছিল সমগ্ৰ দেশ। ১৯২৪ চনৰ ২৫ ডিচেম্বৰত গোৱালিয়ৰত জন্মগ্ৰহণ কৰিছিল ভাৰতৰ তিনিবাৰৰ প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে। জনপ্ৰিয় নেতাগৰাকীয়ে দেশৰ হিতৰ বাবে, জনতাৰ স্বাৰ্থৰ হকে কৰিছিল বহু উল্লেখনীয় কাম।
আৰু চাওক পৰৱৰ্তী বাতৰি