প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীলৈ দেশবাসীৰ শ্ৰদ্ধাঞ্জলি, আজি বিয়লি হ’ব অন্তিম সংস্কাৰ

News18 Assam | News18-Assam
Updated:September 1, 2020, 8:37 AM IST
প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীলৈ দেশবাসীৰ শ্ৰদ্ধাঞ্জলি, আজি বিয়লি হ’ব অন্তিম সংস্কাৰ
ভাৰতৰত্ন আৰু প্ৰাক্তন ৰাষ্ট্রপতি মুখাৰ্জীয়ে সোমবাৰে দিল্লীস্থিত আৰ্মী ৰিছাৰ্চ এণ্ড ৰেফাৰেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল।

ভাৰতৰত্ন আৰু প্ৰাক্তন ৰাষ্ট্রপতি মুখাৰ্জীয়ে সোমবাৰে দিল্লীস্থিত আৰ্মী ৰিছাৰ্চ এণ্ড ৰেফাৰেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল।

  • Share this:
দেশৰ প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীলৈ শ্ৰদ্ধাঞ্জলি জনাইছে দেশবাসীয়ে। বিয়লি ২.৩০ বজাত দিল্লীৰ লোধী শ্মশানঘাটত সম্পন্ন কৰা হ’ব অন্তিম সংস্কাৰ। দুপৰীয়া ১২ বজালৈ অন্তিম দৰ্শনৰ বাবে তেওঁৰ নশ্বৰদেহ ৰখা হ’ব। পুৱা ৯ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

কেন্দ্ৰীয় চৰকাৰীয়ে প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীৰ সন্মানাৰ্থে ৭ দিনীয়া ৰাষ্ট্রীয় শোক ঘোষণা কৰিছে। প্ৰণৱ মুখাৰ্জীৰ নিধনক লৈ পশ্চিম বংগ চৰকাৰে ১ ছেপ্টেম্বৰৰ দিনটো ৰাজ্যিক শোক ঘোষণা কৰিছে। সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব এই দিনটোত। ৰাজ্যিক আৰক্ষী দিৱস সমাৰোহো ২ ছেপ্টেম্বৰলৈ স্থগিত ৰখা হৈছে।

ভাৰতৰত্ন আৰু প্ৰাক্তন ৰাষ্ট্রপতি মুখাৰ্জীয়ে সোমবাৰে দিল্লীস্থিত আৰ্মী ৰিছাৰ্চ এণ্ড ৰেফাৰেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল। হাওফাওৰ সংক্ৰমণৰ ফলত দেহাৱসান ঘটে মুখাৰ্জীৰ। মুখাৰ্জীৰ বিয়োগত ম্ৰিয়মান সমগ্ৰ দেশ।
Published by: Sanjay Kumar Das
First published: September 1, 2020, 8:37 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading