পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণব মুখাৰ্জী, লোধী শ্মশান ঘাটত অন্ত্যেষ্টিক্ৰিয়া

News18 Assam | News18-Assam
Updated:September 1, 2020, 2:59 PM IST
পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণব মুখাৰ্জী, লোধী শ্মশান ঘাটত অন্ত্যেষ্টিক্ৰিয়া
কোৰোণা পৰিস্থিতিৰ বাবে চৰকাৰী নিয়ম মানি অন্তিম সংস্কাৰ সম্পন্ন কৰা হয় প্ৰাক্তন ৰাষ্ট্রপতিগৰাকীৰ।

কোৰোণা পৰিস্থিতিৰ বাবে চৰকাৰী নিয়ম মানি অন্তিম সংস্কাৰ সম্পন্ন কৰা হয় প্ৰাক্তন ৰাষ্ট্রপতিগৰাকীৰ।

  • Share this:
পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণব মুখাৰ্জী। দিল্লীৰ লোধী শ্মশান ঘাটত ৰাজকীয় সন্মানেৰে অন্তিম বিদায় প্ৰাক্তন ৰাষ্ট্রপতিগৰাকীক। অন্তিম সংস্কাৰত উপস্থিত থাকে মুখাৰ্জীৰ পুত্ৰ অভিজিৎ মুখাৰ্জীৰ লগতে সীমিত সংখ্যক আত্মীয়–স্বজন। কোৰোণা পৰিস্থিতিৰ বাবে চৰকাৰী নিয়ম মানি অন্তিম সংস্কাৰ সম্পন্ন কৰা হয় প্ৰাক্তন ৰাষ্ট্রপতিগৰাকীৰ।

উল্লেখযোগ্য যে ভাৰতৰত্ন আৰু প্ৰাক্তন ৰাষ্ট্রপতি মুখাৰ্জীয়ে সোমবাৰে দিল্লীস্থিত আৰ্মী ৰিছাৰ্চ এণ্ড ৰেফাৰেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল। হাওফাওৰ সংক্ৰমণৰ ফলত দেহাৱসান ঘটে মুখাৰ্জীৰ। মৃত্যুৰ সময়ত মুখাৰ্জীৰ বয়স আছিল ৮৪ বছৰ। ১০ আগষ্টত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল মুখাৰ্জীক। মগজুৰ অস্ত্ৰোপচাৰো সম্পন্ন কৰা হৈছিল প্ৰাক্তন ৰাষ্ট্রপতিগৰাকীৰ। পিছত হাওফাওৰ সংক্ৰমণ হোৱাত ভেণ্টিলেটনৰত ৰখা হৈছিল।
Published by: Sanjay Kumar Das
First published: September 1, 2020, 2:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading