দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান

News18 Assam | News18-Assam
Updated:August 31, 2020, 6:07 PM IST
দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান
সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজি হাৰ মানিলে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে। 

সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজি হাৰ মানিলে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে। 

  • Share this:
দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু নাই। আৰ্মী হাস্পতালত অতিশয় সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা প্ৰণৱ মুখাৰ্জী আক্ৰান্ত হৈছিল কোৰোণাত। হাস্পতালখনত তেওঁৰ ব্ৰেন চাৰ্জাৰী কৰোৱা হৈছিল। ব্লাড ক্লট আঁতৰোৱাৰ কাৰণে এই অস্ত্ৰোপচাৰ কৰোৱা হৈছিল। ইয়াৰ পূৰ্বে আৰ্মী হাস্পতালৰ পৰা জাৰি কৰা বুলেটিনত কোৱা হৈছিল যে  তেওঁৰ অৱস্থা অতিশয় সংকটজনক আৰু ভেণ্টিলেটৰত ৰখা হৈছে।

বুলেটিনত প্ৰকাশ কৰা হৈছিল প্ৰণৱ মুখাৰ্জীক অতিশয় সংকটজনক অৱস্থাত ১০ আগষ্ট, ২০২০ৰ দিনৰ ১২ বাজি ৭ মিনিটত দিল্লীস্থিত সেনাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। স্বাস্থ্য পৰীক্ষাত গম পোৱা গৈছিল যে তেওঁৰ মস্তিষ্কত তেজ গোটা বান্ধি জমা হৈছে। অপাৰেশ্যনৰ পিছত তেওঁক ভেণ্টিলেটৰ চাপ’ৰ্টত ৰখা হৈছিল। মেডিকেল টেষ্টত তেওঁক কোৰোণা পজিটিভো পোৱা গৈছিল।

উল্লেখ্য যে, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে কেইদিনমান পূৰ্বে প্ৰকাশ কৰিছিল যে, তেওঁ কোৰোণা পজিটিভ। পৰৱৰ্তী সময়ত তথ্য প্ৰকাশ পায় যে প্ৰাক্তন ৰাষ্ট্ৰপতিজন দিল্লীৰ আৰ্মী ৰিচাৰ্চ এণ্ড ৰেফাৰেল হাস্পতালত ভৰ্তি হৈ আছে। জানিব পৰা গৈছিল যে তেওঁ এটা সৰু ব্ৰেন চাৰ্জাৰী কৰাবলৈ হাস্পতাললৈ গৈছিল। যেতিয়া কোৰোণা টেষ্ট কৰোৱা হৈছিল তেতিয়া তেওঁ পজিটিভ পোৱা গৈছিল।

উল্লেখ্য যে, ১৯৩৫ চনৰ ১১ ডিচেম্বৰত জন্মগ্ৰহণ কৰা প্ৰণৱ মুখাৰ্জীয়ে ২০১২চনৰ পৰা ২০১৭চনলৈকে দেশৰ ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। পাঁচ দশকজোৰা ৰাজনৈতিক কেৰিয়াৰত কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা হিচাপে তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ দায়িত্বভাৰ চম্ভালিছিল। ২০০৯চনৰ পৰা ২০১২চনলৈকে তেওঁ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ দায়িত্বত আছিল। ২০১৯ত প্ৰণৱ মুখাৰ্জীয়ে দেশৰ সৰ্বোচ্ছ অসামৰিক সন্মান ভাৰত ৰত্ন গ্ৰহণ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা।
First published: August 31, 2020, 5:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading